মাতৃভাষাৰ জয়গান আৰু স্বকীয় কৃষ্টিৰ সুবাস বিলাই পাৰ্বত্য জিলা কাৰ্বি আংলংৰ হাওৰাঘাটৰ সমীপবৰ্তী নমাটি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত মেটেকা গাঁৱৰ খেলপথাৰত সোমবাৰে সফলভাৱে সামৰণি পৰে বড়ো সাহিত্য সভাৰ ৭৫ সংখ্যক প্ৰতিষ্ঠা দিৱস (প্লেটিনাম জয়ন্তী) আৰু দৈমা দৈচা প্ৰাথমিক বড়ো সাহিত্য সভাৰ দ্বিতীয় সংখ্যক বাৰ্ষিক অধিৱেশন। ভাষা-সাহিত্যৰ উত্তৰণৰ স্বপ্ন বুকুত বান্ধি দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত এই অনুষ্ঠানটিয়ে সমগ্ৰ অঞ্চলটোতে এক উৎসৱমুখৰ আৰু আনন্দময় পৰিৱেশৰ সৃষ্টি হয়।কাৰ্যসূচী অনুসৰি প্ৰৱেশদ্বাৰ তোৰণ শুভ উদ্বোধন কৰে নমাটি ভি.ডি.চি.ৰ অধ্যক্ষ বৃটেন মহেলা আৰু পুৱা ৮ বজাত সভাপতি মহেশ্বৰ বড়োৱে ৭৫ সংখ্যক বড়ো সাহিত্য সভাৰ মূল পতাকা উত্তোলনেৰে দিনটোৰ শুভাৰম্ভ কৰে। পিছে এই পতাকা উত্তোলন কৰাৰ লগে লগেই দীঘলপানী আৰজ হাঞ্জা সকলে আৰজ পৰিৱেশন কৰে।ইয়াৰ পাছতে বজাত আদৰণি সমিতিৰ সম্পাদক খৰ্গেশ্বৰ বড়োৱে প্ৰতিনিধি সভাখন উদ্বোধন কৰে। ইয়াৰ লগে লগে সাংস্কৃতিক অনুষ্ঠানত থলুৱা বড়ো নৃত্য-গীতৰ মনোমোহা পৰিৱেশনে ঐতিহ্য আৰু সংস্কৃতিৰ অপূৰ্ব দৃষ্টি নিদৰ্শন দাঙি ধৰে। বিয়লি দৈমা দৈচা প্ৰাথমিক বড়ো সাহিত্য সভাৰ সভাপতি মহেশ্বৰ বড়োৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত সম্পাদক সুভাষ বসুমতাৰীয়ে আদৰণি ভাষণ আগবঢ়ায় আৰু আদৰণী সমিতিৰ কোষাধ্যক্ষ তথা শিক্ষক প্ৰণৱ কুমাৰ খাখলাৰীয়ে সভাখন আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে।পিছে,এই মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থকা বিশিষ্ট কবি, লেখক তথা প্ৰধান শিক্ষক অজিত বসুমতাৰীয়ে মাতৃভাষাৰ শ্ৰীবৃদ্ধি আৰু নৱপ্ৰজন্মৰ মাজত সাহিত্য চৰ্চাৰ গুৰুত্ব সন্দৰ্ভত সাৰগৰ্ভ ভাষণ প্ৰদান কৰে। অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে গোপেশ চন্দ্ৰ বসুমতাৰী, পবিত্ৰ ব্ৰহ্ম, স্বপ্না বাগলাৰী,দৈমা দৈচা বড়ো সাহিত্য সভাৰ উপ-সভাপতি বিষ্ণু বড়ো,কছাৰী সমাজৰ নৱ গঠিত সভাপতি যটিন চন্দ্ৰ বড়ো,সম্পাদক বিৰেশ্বৰ বসুমতাৰী,উপ সভাপতি দ্বয় তিলক চন্দ্ৰ বড়ো আৰু গোবৰ্ধন বাগলাৰীৰ লগতে মৌচম বসুমতাৰীকে প্ৰমুখ্য কৰি কেইবাগৰাকীও বিশিষ্ট গণ্যমান্য ব্যক্তি উপস্থিত থাকি অনুষ্ঠানটিৰ সৌষ্ঠৱ বৃদ্ধি কৰে। উক্ত অনুষ্ঠানতে সুখ্যাতিৰে উত্তীৰ্ণ কৃতি শিক্ষাৰ্থীক উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰা হয়।