গুৱাহাটী, ১৮ নৱেম্বৰ: খানাপাৰাত গানছ এন’ ৰ’জৰ সংগীতানুষ্ঠানৰ পৰা উভতি অহা সাতজনীয়া এটা দলৰ বিৰুদ্ধে কৰ্তব্যৰত যান-বাহন আৰক্ষীৰ কনিষ্টবলক প্ৰহাৰ কৰাৰ অভিযোগ উঠিছে। মঙলবাৰে নিশা সংঘটিত ঘটনাটোক কেন্দ্ৰ কৰি দিছপুৰ আৰক্ষীয়ে এজন যুৱকক আটক কৰিছে।

ঘটনাৰ সময়ত দিছপুৰ যান-বাহন শাখাৰ কনিষ্টবল টিংকু মণি ডেকা খানাপাৰা অঞ্চলত যান-বাহন নিয়ন্ত্ৰণৰ দায়িত্বত আছিল। সেই সময়তে দলটোৱে চলন্ত বাহনৰ মাজেৰে বিপজ্জনকভাৱে পথ পাৰ হ’বলৈ চেষ্টা কৰিছিল বুলি অভিযোগ।

কনিষ্টবল ডেকাই তেওঁলোকক বাধা দিয়াৰ পাছতে বাক-বিতণ্ডাৰ সূত্ৰপাত হয়। পিছলৈ পৰিস্থিতি উত্তপ্ত হৈ পৰাত দলটোৰ একাংশই কনিষ্টবলজনক প্ৰহাৰ কৰে বুলি অভিযোগ উত্থাপিত হৈছে।

প্ৰাথমিক তথ্য অনুসৰি, দলটোৰ সদস্যসকল সংগীতানুষ্ঠানৰ পৰা উভতি আহিছিল আৰু তেওঁলোক মদ্যপান কৰি আছিল বুলি অভিযোগ উঠিছে। ঘটনাৰ পাছতে কনিষ্টবল ডেকাই মঙলবাৰে নিশা দিছপুৰ আৰক্ষী থানাত অভিযোগ দাখিল কৰে।

অভিযোগৰ ভিত্তিত আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা এজন যুৱকক আটক কৰিছে। ঘটনাটোৰ সৈতে জড়িত আন লোকসকলৰ পৰিচয় নিশ্চিতকৰণ আৰু সন্ধানৰ বাবে আৰক্ষীৰ তদন্ত অব্যাহত আছে।