মুকালমুৱা, ১৮ নৱেম্বৰ: নলবাৰী জিলাৰ মুকালমুৱাৰ চান্দাত আৰক্ষীৰ ইউনিফৰ্ম পিন্ধা ডকাইতৰ এটাই দলে মাতৃ-পুত্ৰক হাত-ভৰি আৰু মুখ বান্ধি থৈ নগদ ধনসহ তিনিটা মোবাইল ফোন লুটি নিয়াৰ অভিযোগ উঠিছে। ঘটনাটোৱে অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
যোৱা নিশা প্ৰায় ২ বজাত এই ঘটনা সংঘটিত হয়। কামৰূপ জিলাৰ আলিকাষৰ বাসিন্দা তফিকুৰ ৰহমানৰ পত্নী আৰু পুত্ৰ ব্যৱসায় সংক্ৰান্তত চান্দাত ভাৰাতীয়া হিচাপে বাস কৰি আহিছিল। ঘটনাৰ সময়ত ঘৰত মাতৃ-পুত্ৰ দুয়োগৰাকী অকলে আছিল।
অভিযোগ অনুসৰি, ডকাইতৰ দলটোৱে ঘৰৰ তলা ভাঙি ভিতৰত প্ৰৱেশ কৰে। আৰক্ষীৰ ইউনিফৰ্ম পিন্ধা দলটোৱে মাতৃ-পুত্ৰক হাত-ভৰি আৰু মুখ বান্ধি আৱদ্ধ কৰি ৰাখে।
ইয়াৰ পাছতে ঘৰৰ পৰা নগদ ধনসহ তিনিটা মোবাইল ফোন লুটি লৈ যায় বুলি জানিব পৰা গৈছে। লুটি নিয়া ধনৰ পৰিমাণ এতিয়ালৈকে জানিব পৰা হোৱা নাই।
ঘটনাৰ খবৰ লাভ কৰাৰ পাছতে মুকালমুৱা আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়। আৰক্ষীয়ে ঘৰটো পৰিদৰ্শন কৰি তদন্ত আৰম্ভ কৰিছে যদিও ডকাইতৰ দলটোৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই।
আৰক্ষীৰ পোছাক পিন্ধি ডকাইতি সংঘটিত কৰাৰ অভিযোগে চান্দা অঞ্চলৰ বাসিন্দাসকলৰ মাজত আতংকৰ সৃষ্টি কৰিছে।