১৮ নৱেম্বৰ:
২৪ ডিচেম্বৰৰ পৰা গুৱাহাটীৰ খানাপাৰাত অসম গ্ৰন্থমেলা অনুষ্ঠিত হ'ব। ১৪ দিনীয়া এই গ্ৰন্থমেলা ২০২৭ চনৰ ৬ জানুৱাৰীলৈকে চলিব।
খানাপাৰাস্থিত অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত গ্ৰন্থমেলাখনৰ আয়োজন কৰা হ'ব। অসম প্ৰকাশন পৰিষদ আৰু পাব্লিছাৰ্ছ এণ্ড বুক ছেলাৰ্ছ গীল্ড, নৰ্থ-ইষ্টৰ যৌথ উদ্যোগত এই গ্ৰন্থমেলাখন অনুষ্ঠিত হ'ব।
পূৰ্বে ১২ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা গ্ৰন্থমেলাখনৰ সময়সীমা এইবাৰ ১৪ দিনলৈ বৃদ্ধি কৰা হৈছে।
গ্ৰন্থমেলাত অসমৰ লগতে দিল্লী আৰু কলকাতাৰ প্ৰকাশন প্ৰতিষ্ঠানৰ বিপণীয়েও অংশগ্ৰহণ কৰিব।
গ্ৰন্থ বিপণিৰ উপৰি সাহিত্য আলোচনা, গ্ৰন্থ উন্মোচনী অনুষ্ঠান, কবি সন্মিলন, কৰ্মশালা আৰু বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন কৰা হ'ব।
নতুন লেখকসকলক উৎসাহিত কৰাৰ বাবে ৪০ বছৰ অনূৰ্ধ্ব লেখকসকলৰ বাবে ‘যুৱ লেখক বঁটা’ প্ৰদান কৰা হ'ব। বঁটাপ্ৰাপকসকলে ২৫ হাজাৰ টকাৰ নগদ ধন লাভ কৰিব।