দিল্লী, ১৮ নৱেম্বৰ:
তীব্ৰবেগী Toyota Fortuner-এ যাত্ৰীবাহী অটো ৰিক্সা (TSR)ত খুন্দা মৰাৰ ফলত দুজন লোকৰ মৃত্যু হোৱাৰ লগতে আহত হয় ৬ জনকৈ লোক ।
দিল্লীৰ কাশ্মীৰী গেট অঞ্চলৰ যুধিষ্ঠিৰ সেতুত তীব্ৰবেগী টয়োটা ফৰ্চুনাৰ গাড়ীয়ে যাত্ৰীবাহী অটোৰিক্সাত খুন্দা মৰাত দুজন লোকৰ মৃত্যু হৈছে। এই ঘটনাত আন ৬ জন লোক আহত হৈছে।
১৭ আৰু ১৮ নৱেম্বৰৰ মাজনিশা প্ৰায় ১ বজাত দুৰ্ঘটনাটো সংঘটিত হয়। তীব্ৰবেগী এছইউভিখনে অটোৰিক্সাখনত খুন্দা মৰাৰ পাছত পথৰ দাঁতিত থকা কেইবাজনো লোককো মহতিয়াই লৈ যায় বুলি জানিব পৰা গৈছে।
দুৰ্ঘটনাত মুঠ ৮ জন লোক আহত হয় আৰু তেওঁলোকক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয়। চিকিৎসাধীন অৱস্থাত দুজনৰ মৃত্যু হয়। অটোৰিক্সাখনত থকা তিনিজন যাত্ৰীৰ ভিতৰত দুজনৰ মৃত্যু হোৱাৰ বিপৰীতে আনজন চিকিৎসাধীন হৈ আছে।
পথৰ দাঁতিত আহত হোৱা আন লোকসকলক প্ৰাথমিক চিকিৎসা প্ৰদান কৰা হৈছে।
দুৰ্ঘটনা সংঘটিত কৰাৰ পাছতে ফৰ্চুনাৰখনৰ চালকজন ঘটনাস্থলীৰ পৰা পলায়ন কৰে। কাশ্মীৰী গেট আৰক্ষী থানাত প্ৰথমে তীব্ৰবেগী আৰু অসাৱধানতাৰে গাড়ী চলোৱা তথা আনৰ জীৱন বিপন্ন কৰি আঘাত কৰাৰ অভিযোগত গোচৰ ৰুজু কৰা হয়।
দুজন আহতৰ মৃত্যুৰ পাছত গোচৰটোত ভাৰতীয় ন্যায় সংহিতাৰ ১০৫ ধাৰা সংযোজন কৰা হৈছে। পলাতক চালকজনক চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰিবলৈ দিল্লী আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে। চিচিটিভি ফুটেজ আৰু অন্যান্য তথ্য পৰীক্ষা কৰি ঘটনাটোৰ তদন্ত চলাই আছে আৰক্ষীয়ে।