গুৱাহাটী: অসমত দক্ষতা বিকাশ আৰু কাৰিকৰী শিক্ষাৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ বাবে ৪,০০০ কোটি টকাৰো অধিক বিনিয়োগৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যখনৰ ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান (আইটিআই) আৰু অন্যান্য কাৰিকৰী শিক্ষানুষ্ঠানসমূহক আধুনিক প্ৰযুক্তিৰ প্ৰশিক্ষণ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে চৰকাৰে এই পৰিকল্পনা হাতত লৈছে।
মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, টাটা টেকন’লজিছ আৰু ২০টাতকৈও অধিক আন্তঃৰাষ্ট্ৰীয় অৰিজিনেল ইকুইপমেণ্ট মেনুফেকচাৰাৰ (অ’ইএম)-ৰ সহযোগত ২,৩৯০ কোটি টকা ব্যয়ৰে ৭৭খন কাৰিকৰী প্ৰতিষ্ঠানৰ আধুনিকীকৰণ কৰা হ'ব। ইয়াৰ ভিতৰত ৪৩খন আইটিআই আৰু ৩৪খন পলিটেকনিক প্ৰতিষ্ঠান অন্তৰ্ভুক্ত আছে। এই প্ৰতিষ্ঠানসমূহত বৈদ্যুতিক বাহন, ঔদ্যোগিক ৰবট, থ্ৰী-ডি প্ৰিণ্টিং, ইণ্টাৰনেট অৱ থিংছ (আইঅ’টি) আৰু কৃত্ৰিম বুদ্ধিমত্তাভিত্তিক উৎপাদন প্ৰযুক্তিৰ আধুনিক প্ৰশিক্ষণ প্ৰদান কৰা হ'ব।
ইয়াৰ উপৰি মঙলদৈত ১,০১৬ কোটি টকা ব্যয়ৰে অসম দক্ষতা বিশ্ববিদ্যালয় (আসাম স্কিল ইউনিভাৰ্চিটি) গঢ়ি তোলা হৈছে। এই বিশ্ববিদ্যালয়খনত কাৰিকৰী ডিপ্লমাৰ পৰা বি টেক, এম বি এ আৰু গৱেষণামূলক ডক্টৰেট পৰ্যায়ৰ পাঠ্যক্ৰম থাকিব। ইয়াত কৃত্ৰিম বুদ্ধিমত্তা, ডাটা ছায়েন্স আৰু ডিজিটেল মেনুফেকচাৰিঙৰ দৰে বিষয়তো শিক্ষা প্ৰদানৰ ব্যৱস্থা কৰা হৈছে।
টাটা নেলক’ আৰু সমগ্ৰ শিক্ষা অভিযান, অসমৰ সহযোগত ৬০০ কোটি টকা ব্যয়ৰে এক ‘হাব এণ্ড স্পোক’ দক্ষতা বিকাশ নেটৱৰ্ক গঢ়ি তোলা হ'ব। ইয়াৰ অধীনত ৫০টা স্কিল হাব আৰু ৫০০টা স্পোক চেণ্টাৰ স্থাপন কৰি গ্ৰামাঞ্চলৰ যুৱক-যুৱতীসকলক উদ্যোগভিত্তিক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা লোৱা হৈছে।
পিএম-সেতু আঁচনিৰ অধীনতো উদ্যোগৰ প্ৰয়োজন অনুসৰি দক্ষতা বিকাশৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই পদক্ষেপৰ অংশ হিচাপে নুমলীগড় শোধনাগাৰৰ সহযোগত যোৰহাটত আৰু অইল ইণ্ডিয়া লিমিটেডৰ সহযোগত তিনিচুকীয়াত আইটিআই ক্লাষ্টাৰ গঢ়ি তোলা হ'ব।
গুৱাহাটীত স্কিল ইণ্ডিয়া ইণ্টাৰনেশ্যনেল চেণ্টাৰ স্থাপনৰ উপৰি ৰাজ্যৰ মাজুলী, কোকৰাঝাৰ, শিলচৰ আৰু ডিব্ৰুগড়কে ধৰি বিভিন্ন স্থানত ৯টা মাল্টি-স্কিল চেণ্টাৰ অৱ এক্সেলেন্স স্থাপনৰ পৰিকল্পনা কৰা হৈছে। ছিংগাপুৰৰ আইটিইৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰে অসমৰ যুৱক-যুৱতীসকলক বিদেশত কৰ্মসংস্থাপন লাভৰ বাবে প্ৰস্তুত কৰাৰ লক্ষ্য লোৱা হৈছে।
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিয়ে যে অসমক পূব ভাৰতৰ দক্ষতা বিকাশৰ মূল কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰেই এই বৃহৎ পদক্ষেপ গ্ৰহণ কৰা হৈছে আৰু উদ্যোগসমূহৰ চাহিদা অনুসৰি দক্ষ মানৱ সম্পদ সৃষ্টিত চৰকাৰে সৰ্বাধিক গুৰুত্ব দিছে।