যোৰহাট জিলাৰ টিয়কত এগৰাকী বিতৰ্কিত ব্যৱসায়ীৰ বাসগৃহত আৰক্ষীয়ে এক বিশেষ অভিযান চলায়। যোৰহাট আৰক্ষীৰ অপৰাধ শাখাৰ এটা দলে ব্যৱসায়ী শিৱচান্দ হাতী বৰুৱাৰ ঘৰত উপস্থিত হৈ এই তালাচী অভিযান চলায়।
জানিব পৰা মতে, এটা ধন দাবীৰ গোচৰৰ সৈতে সংগতি ৰাখি আৰক্ষীয়ে এই অভিযান চলাইছে। শেহতীয়াকৈ মাছ কঢ়িয়াই অনা এখন বাহনৰ পৰা চাৰিজন যুৱকে ধন দাবী কৰাৰ এক ঘটনা পোহৰলৈ আহিছিল। সেই ধন দাবীৰ ঘটনাৰ তদন্তত ব্যৱসায়ী শিৱচান্দ হাতী বৰুৱাৰ নাম সাঙোৰ খাই পৰে।
ইয়াৰ উপৰি বিতৰ্কিত ব্যৱসায়ীগৰাকীৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় ঘাইপথৰ ছিণ্ডিকেটৰ দৰে কাৰ্যকলাপৰ সৈতেও জড়িত থকাৰ অভিযোগ উত্থাপিত হৈছে। অঞ্চলটোত দীৰ্ঘদিন ধৰি বিতৰ্কৰ মাজত থকা ব্যৱসায়ীগৰাকীৰ ঘৰত অপৰাধ শাখাই চলোৱা এই অভিযানে স্থানীয়ভাৱে বিশেষ চৰ্চা লাভ কৰিছে।