গুৱাহাটী: গুৱাহাটীৰ নাৰেংগী ৰে’ল ষ্টেচনৰ সমীপৰ ৰে’লপথত প্ৰায় ২৫ লাখ নগদ টকাসহ উদ্ধাৰ হোৱা মৃতদেহটোৰ পৰিচয় আৰক্ষীয়ে চিনাক্ত কৰিছে। মৃত ব্যক্তিগৰাকী বিশ্বজিৎ দেৱনাথ বুলি জানিব পৰা গৈছে।

শনিবাৰে সন্ধিয়া প্ৰায় ৭ বজাত স্থানীয় ৰাইজে ৰে’লপথত মৃতদেহটো প্ৰত্যক্ষ কৰি ৰে’ল আৰক্ষীক খবৰ দিয়ে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে ব্যক্তিগৰাকীৰ ওচৰত বৃহৎ পৰিমাণৰ নগদ ধন জব্দ কৰে। পিছত এই ধনৰ পৰিমাণ প্ৰায় ২৫ লাখ টকা বুলি জানিব পৰা যায়।

আৰক্ষীৰ প্ৰাথমিক তদন্ত অনুসৰি, বিশ্বজিৎ দেৱনাথে গুৱাহাটীৰ পৰা শ্ৰীভূমিলৈ যাত্ৰা কৰাৰ কথা আছিল। কিন্তু তেওঁ ভুলবশতঃ ‘কলংপাৰ পেচেঞ্জাৰ’ ৰে’লত উঠিছিল। তেওঁ বিনা টিকটত যাত্ৰা কৰিছিল বুলিও তদন্তত পোহৰলৈ আহিছে।

ইপিনে গুৱাহাটী ৰে’ল ষ্টেচনৰ চিচিটিভি ফুটেজত বিশ্বজিৎ দেৱনাথক কোনো ৰে’লত উঠা বা নমা দেখা পোৱা নাই তদন্তকাৰী আৰক্ষীয়ে। ফলত মৃত্যুৰ পূৰ্বে লোকজনৰ গতিবিধি সম্পৰ্কে তথ্য লাভ কৰাত আৰক্ষী কিছু অসুবিধাৰ সন্মুখীন হৈছে।

পল্টনবজাৰস্থিত চৰকাৰী ৰে’ল আৰক্ষীয়ে (জিআৰপি) মৃত ব্যক্তিগৰাকীৰ শ্বিলিঙত থকা পৰিয়ালৰ সৈতে ইতিমধ্যে যোগাযোগ কৰিছে। মৃতদেহটো আনুষ্ঠানিকভাৱে চিনাক্ত কৰাৰ বাবে লোকজনৰ ভাতৃ গুৱাহাটীলৈ আহি আছে বুলি জানিব পৰা গৈছে।

আনহাতে, বিশ্বজিৎ দেৱনাথৰ ওচৰত উদ্ধাৰ হোৱা ২৫ লাখ টকাৰ উৎস এতিয়াও স্পষ্ট হোৱা নাই। এই বৃহৎ পৰিমাণৰ ধন তেওঁৰ হাতলৈ কেনেকৈ আহিল আৰু ঘটনাৰ সৈতে এই ধনৰ কিবা সম্পৰ্ক আছে নেকি, সেই দিশসমূহো ৰে’ল আৰক্ষীয়ে খতিয়ান চাই আছে। সমগ্ৰ ঘটনাটোৰ তদন্ত বৰ্তমানেও অব্যাহত আছে।