ককৰোচ জনতা পাৰ্টীৰ নেতা অভিজিৎ দীপকে সোমবাৰে ক'লে, পণ্ডিত জৱাহৰলাল নেহৰু নাথাকিলে দেশত ইণ্টাৰনেট বা আজিৰ বৈদ্যুতিন সঁজুলিবোৰ নাথাকিলহেঁতেন।

আধুনিক ভাৰত আৰু প্ৰযুক্তিগতভাৱে আগবঢ়া ভাৰতৰ ভেটি নেহৰুৱে গঢ়িছিল বুলি তেওঁ ক'লে।

তেওঁৰ মতে, সেই সময়ত আন কোনোৱে ইমান দূৰলৈ চিন্তা নকৰোঁতেই নেহৰুৱে এই দিশত আগবাঢ়িছিল।

নেহৰুৱে দেখুওৱা পথৰ পৰা যাতে দেশ আঁতৰি নাযায়, সেয়া নিশ্চিত কৰিব লাগিব বুলি অভিজিৎ দীপকে ক'লে।