ডিগবৈৰ নাজিৰাটিঙত বনৰীয়া হাতীৰ আক্ৰমণত এজন কৃষকৰ কৰুণ মৃত্যু হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোতে গভীৰ শোকৰ ছাঁ পেলাইছে। নিহত কৃষকজন ভাকু বস্তিৰ বাসিন্দা গংগা চবৰ বুলি জানিব পৰা গৈছে।

নিশা নিজৰ ধাননি পথাৰখন বনৰীয়া হাতীৰ পৰা ৰক্ষা কৰাৰ উদ্দেশ্যে পথাৰৰ মাজত থকা টঙী ঘৰত পহৰা দি আছিল কৃষক গংগা চবৰে। নিশা প্ৰায় ২ বজাত বনাঞ্চলৰ পৰা কেইবাটাও বনৰীয়া হাতী ওলাই আহি পথাৰত প্ৰৱেশ কৰি ধান খোৱা প্ৰত্যক্ষ কৰি তেওঁ চিঞৰ-বাখৰ কৰে। ইয়াৰ পিছতে উত্তেজিত হাতীৰ জাকটোৱে টঙী ঘৰটো ভাঙি পেলোৱাৰ লগতে গংগা চবৰক আক্ৰমণ কৰে। হাতীৰ আক্ৰমণত থিতাতে প্ৰাণ হেৰুৱায় কৃষকজনে।

এই ঘটনাক কেন্দ্ৰ কৰি আজি সৰৱ হৈ পৰিছে গোৰ্খা ছাত্ৰ সন্থা। সংগঠনটোৰ অভিযোগ অনুসৰি, অঞ্চলটোত ইতিমধ্যে বনৰীয়া হাতীৰ আক্ৰমণত তিনিজনকৈ লোকৰ মৃত্যু হৈছে। ইয়াৰ উপৰি হাতীৰ উপদ্ৰৱত বিস্তৰ পৰিমাণৰ কৃষিভূমিৰ ধাননি পথাৰ আৰু বাসগৃহৰ ক্ষতিসাধন হৈ আহিছে। তথাপি বন বিভাগে সমস্যাটোক যথোচিত গুৰুত্ব প্ৰদান কৰা নাই বুলি অভিযোগ উত্থাপন কৰিছে সংগঠনটোৱে।

আনহাতে, বনাঞ্চলৰ দাঁতিকাষৰীয়া অঞ্চলত বনৰীয়া হাতীৰ প্ৰৱেশ প্ৰতিৰোধৰ বাবে বন বিভাগে বৃহৎ পৰিমাণৰ ধন ব্যয় কৰি স্থাপন কৰা বৈদ্যুতিক বেৰ (ফেন্সিং) নিৰ্মাণৰ কামতো দুৰ্নীতি আৰু অনিয়ম সংঘটিত হোৱাৰ অভিযোগ তুলিছে গোৰ্খা ছাত্ৰ সন্থাই।

সংগঠনটোৱে শীঘ্ৰে নিহত কৃষকজনৰ পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ প্ৰদান কৰাৰ লগতে অঞ্চলটোত হাতী-মানুহৰ সংঘাত ৰোধৰ বাবে ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বন বিভাগৰ ওচৰত দাবী জনাইছে।