ডিগবৈ, ২৩ নৱেম্বৰ: মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টিৰ অন্যতম হৈছে শৰৎকালীন ৰাস মহোৎসৱ। ভগৱান শ্ৰীকৃষ্ণৰ লীলা আৰু মহিমা শ্ৰৱণ-কীৰ্তনৰ মাজেৰে ভক্তিৰসত বিলীন হোৱাৰ এক অনন্য পৰম্পৰা হিচাপে ৰাস উৎসৱে অসমীয়া সমাজ-সংস্কৃতিত বিশেষ স্থান অধিকাৰ কৰি আহিছে।
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ধৰ্মৰ জৰিয়তে ভাষা, সাহিত্য আৰু সংস্কৃতিৰ এক শক্তিশালী ভেটি নিৰ্মাণ কৰি থৈ গৈছে। গুৰুজনাৰ আদৰ্শৰাজিৰ চৰ্চা আৰু বিকাশৰ লক্ষ্যৰে ডিগবৈৰ ২নং বৰবিল সমন্বয় শিল্পী গোষ্ঠীৰ উদ্যোগত আৰু বৰবিলবাসী ৰাইজৰ সহযোগত তৃতীয় বাৰ্ষিক শ্ৰীশ্ৰী কৃষ্ণৰ মহাৰাসলীলা মহোৎসৱৰ আয়োজন কৰা হৈছে।
অহা ১ আৰু ২ ডিচেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে ২নং বৰবিল সাৰ্বজনীন নামঘৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’ব এই ৰাসলীলা মহোৎসৱ। মহোৎসৱটি সফলভাৱে অনুষ্ঠিত কৰাৰ বাবে উদযাপন সমিতিয়ে ব্যাপক প্ৰস্তুতি চলাইছে।
স্থানীয় সাংস্কৃতিকপ্ৰেমী আৰু ধৰ্মপ্ৰাণ ৰাইজৰ সহযোগত এই ৰাসোৎসৱে অঞ্চলটোত এক বিশেষ সাংস্কৃতিক পৰিৱেশৰ সৃষ্টি কৰি আহিছে।
আয়োজক সমিতিয়ে জনোৱা অনুসৰি, ১ ডিচেম্বৰৰ সন্ধিয়া অজিত সোণোৱালে বন্তি প্ৰজ্বলনেৰে ৰাসোৎসৱৰ শুভাৰম্ভ কৰিব। সন্ধিয়া ৬ বজাত গায়ন-বায়ন পৰিৱেশনৰ পিছতে ৰাসলীলা অনুষ্ঠিত হ’ব।
দুদিনীয়া এই মহোৎসৱত অঞ্চলটোৰ ৰাইজৰ উপস্থিতি আৰু সহযোগিতা কামনা কৰিছে উদযাপন সমিতিয়ে।