গুৱাহাটী, ২৩ নৱেম্বৰ: অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ষষ্ঠ মৃত্যু বাৰ্ষিকী উপলক্ষে শনিবাৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ গুৱাহাটীস্থিত মুখ্য কাৰ্যালয় ৰাজীৱ ভৱনত সৰ্বধৰ্মীয় প্ৰাৰ্থনা আৰু স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়। অনুষ্ঠানত প্ৰয়াত নেতাগৰাকীৰ কৰ্মময় জীৱন, জনসেৱাৰ আদৰ্শ আৰু অসমৰ সৰ্বাংগীণ উন্নয়নত আগবঢ়োৱা অৱদানক কংগ্ৰেছৰ নেতা-কৰ্মীসকলে শ্ৰদ্ধাৰে স্মৰণ কৰে।

অনুষ্ঠানৰ আৰম্ভণিতে প্ৰাক্তন সাংসদ বলীন কুলী, বিৰোধী দলৰ প্ৰাক্তন দলপতি দেৱব্ৰত শইকীয়া আৰু বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ টংক বাহাদুৰ ৰায়ে বন্তি প্ৰজ্বলন কৰে। জ্যেষ্ঠ নেতাসকলে প্ৰয়াত গগৈৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰাৰ পিছত শ্ৰীমদ্ভাগৱত গীতা, কোৰাণ আৰু বাইবেল পাঠেৰে সৰ্বধৰ্মীয় প্ৰাৰ্থনা সম্পন্ন হয়।

সভাত প্ৰয়াত পিতৃক শ্ৰদ্ধাঞ্জলি জনাই অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে কয় যে ১৫ বছৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী আৰু দীৰ্ঘদিন সাংসদ হৈ থকাৰ পিছতো তৰুণ গগৈৰ বিৰুদ্ধে কেতিয়াও দুৰ্নীতিৰ অভিযোগ উত্থাপন হোৱা নাছিল। তেওঁ পিতৃৰ পৰাই ৰাজনীতিৰ আদিপাঠ শিকিছিল বুলি উল্লেখ কৰি কয় যে প্ৰয়াত নেতাগৰাকীয়ে নতুন প্ৰজন্মক সদায় অগ্ৰাধিকাৰ দিছিল আৰু তেওঁৰ বহু সপোন এতিয়াও আধৰুৱা হৈ আছে।

দেশৰ ৰাজনৈতিক পৰিস্থিতি সন্দৰ্ভত গৌৰৱ গগৈয়ে কয় যে বিশ্বৰ বিভিন্ন প্ৰান্তৰ দৰে ভাৰততো পৰিৱৰ্তনৰ বতাহ বলিছে আৰু দেশৰ নতুন প্ৰজন্মই ৰাহুল গান্ধীক প্ৰধানমন্ত্ৰী হিচাপে চাব বিচাৰিছে। ভোট চুৰিৰ অভিযোগ তুলি তেওঁ দাবী কৰে যে দেশত বেলট পেপাৰৰ জৰিয়তে নিৰ্বাচন অনুষ্ঠিত হ'ব লাগে। সংবিধান সুৰক্ষাৰ বাবে অহা ২৬ নৱেম্বৰত দেশজুৰি জনজাগৰণ সৃষ্টিৰ কাৰ্যসূচী গ্ৰহণ কৰা বুলিও তেওঁ জনায়।

স্মৃতিচাৰণ সভাত প্ৰাক্তন সাংসদ বলীন কুলীয়ে কয় যে মানুহৰ মনস্তত্ত্ব বুজিব পৰা গুণৰ বাবেই তৰুণ গগৈ সকলো শ্ৰেণীৰ লোকৰ মাজত জনপ্ৰিয় আছিল। তেওঁ একাংশ প্ৰাক্তন কংগ্ৰেছীয়ে বিজেপিত যোগ দি সাম্প্ৰদায়িক ৰাজনীতি বিয়পোৱা বুলি সমালোচনা কৰে। আনহাতে দেৱব্ৰত শইকীয়াই প্ৰয়াত নেতাজনক শান্তি আৰু প্ৰগতি একেলগে আগবঢ়াই নিব পৰা এগৰাকী অবিসম্বাদী নেতা বুলি অভিহিত কৰে।

প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাই মুখ্যমন্ত্ৰী হিচাপে তৰুণ গগৈয়ে বিধানসভাত দিয়া ভাষণসমূহ সংগ্ৰহ কৰি এখন গ্ৰন্থ প্ৰকাশৰ পোষকতা কৰে। বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ টংক বাহাদুৰ ৰায়, মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ গোস্বামী আৰু প্ৰচাৰ বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰায়ো প্ৰয়াত নেতাগৰাকীৰ বিভিন্ন দিশ আলোকপাত কৰে।

অনুষ্ঠানত বিধায়ক আব্দুছ ছোবাহান আলী সৰকাৰ, প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতা, আমিনুল ইছলাম, বিনন্দ শইকীয়া, প্ৰাক্তন বিধায়িকা নন্দিতা দাসকে ধৰি প্ৰদেশ কংগ্ৰেছৰ কেইবাগৰাকীও জ্যেষ্ঠ বিষয়ববীয়া আৰু কৰ্মী উপস্থিত থাকে।