ৰঙিয়া, ২৩ নৱেম্বৰ: ৰঙিয়া পৌৰসভাৰ ১০ নম্বৰ ৱাৰ্ডক বড়োলেণ্ড টেৰিটৰিয়েল ৰিজিঅ’ন চমুকৈ বিটিআৰত অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্তৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিছে স্থানীয় ৰাইজ। সোমবাৰে অঞ্চলটোৰ শতাধিক পুৰুষ-মহিলাই হাতে হাতে বেনাৰ আৰু প্লেকাৰ্ড লৈ এক প্ৰতিবাদী সমদল উলিয়ায়। শতাধিক ক্ষুব্ধ পুৰুষ-মহিলাই হাতে হাতে বেনাৰ আৰু প্লেকাৰ্ড লৈ এক বিশাল প্ৰতিবাদী সমদল উলিয়ায়।

ইছগেট চ’কৰ পৰা আৰম্ভ হোৱা এই প্ৰতিবাদী সমদলটো ৰঙিয়া সমজিলা আয়ুক্তৰ কাৰ্যালয়লৈ যায়। প্ৰতিবাদকাৰীসকলে সমজিলা আয়ুক্তৰ কাৰ্যালয় ঘেৰাও কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদকাৰী ৰাইজৰ অভিযোগ অনুসৰি, চিৰাখুন্দী ৰাজহ গাঁৱৰ ১০ নম্বৰ ৱাৰ্ড আৰু ৫ নম্বৰ ৱাৰ্ডৰ একাংশক ৰঙিয়া ৰাজহ চক্ৰৰ পৰা আঁতৰাই গোৰেশ্বৰ ৰাজহ চক্ৰৰ অন্তৰ্ভুক্ত কৰাৰ পদক্ষেপ লোৱা হৈছে। ইয়াৰ উপৰি ৰঙিয়া পৌৰসভাৰ পৰিসৰ সংশোধনৰ জৰিয়তে ১০ নম্বৰ ৱাৰ্ডটো বিলুপ্ত কৰাৰ সিদ্ধান্ত লোৱা বুলিও তেওঁলোকে ক্ষোভ প্ৰকাশ কৰে।

প্ৰতিবাদকাৰীসকলে এই সিদ্ধান্ত কোনো কাৰণতে মানি লোৱা নহ'ব বুলি স্পষ্ট কৰি দিয়ে। • যিকোনো পৰিস্থিতিতে ১০ নং ৱাৰ্ডক বিটিআৰত অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত মানি লোৱা নহ'ব বুলি স্থানীয় ৰাইজে স্পষ্ট হুংকাৰ প্ৰদান কৰিছে।

যিকোনো পৰিস্থিতিতে ১০ নম্বৰ ৱাৰ্ডক বিটিআৰত অন্তৰ্ভুক্ত নকৰিবলৈ প্ৰশাসনৰ ওচৰত দাবী জনায় স্থানীয় ৰাইজে।