গুৱাহাটী, ২৩ নৱেম্বৰ: গুৱাহাটী বিশ্ববিদ্যালয়ৰ পি ডি প্ৰেক্ষাগৃহত দশম ড° অনামিকা ৰায় সোঁৱৰণী বক্তৃতা সফলতাৰে অনুষ্ঠিত হয়। ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ পুত্ৰ তেজ হাজৰিকাই এই অনুষ্ঠানত মুখ্য বক্তা হিচাপে অংশগ্ৰহণ কৰি "ভাৰতৰ ঐতিহাসিক মানৱতাবাদৰ পৰা বিশ্বজনীন মানৱতাবাদলৈ সেতুবন্ধন স্বৰূপ ভূপেন হাজৰিকা" শীৰ্ষক বক্তৃতা প্ৰদান কৰে।

বক্তৃতা প্ৰদানৰ সময়ত তেজ হাজৰিকাই তেওঁৰ পিতৃৰ কালজয়ী গীত "মদাৰৰে ফুল" আৰু "মানুহে মানুহৰ বাবে" আদি পৰিৱেশন কৰি উপস্থিত সকলোকে আপ্লুত কৰে। গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাইজৰ উদ্দেশ্যে এয়া তেজ হাজৰিকাৰ প্ৰথমটো বক্তৃতা। এই বক্তৃতাটো তেওঁ প্ৰয়াত ড° অনামিকা ৰায়ৰ স্মৃতিত উচৰ্গা কৰে।

বক্তৃতাত তেওঁ ড° ভূপেন হাজৰিকাৰ মানৱতাবাদী দৃষ্টিভংগী, সাংস্কৃতিক বহুত্ববাদ আৰু বিশ্বভ্ৰাতৃত্ববোধৰ ওপৰত বিস্তৃত আলোচনা আগবঢ়ায়। এই আদৰ্শসমূহে কেনেকৈ ভাৰতৰ বৌদ্ধিক আৰু সাংস্কৃতিক পৰম্পৰাক মানৱতাৰ বিশ্বজনীন প্ৰেক্ষাপটৰ সৈতে সংযোগ কৰিছিল আৰু বৰ্তমান সময়ত ইয়াৰ প্ৰাসংগিকতা কি, সেই বিষয়েও তেওঁ বিশদ ব্যাখ্যা দাঙি ধৰে।

অনুষ্ঠানটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য অধ্যাপক মৃদুল হাজৰিকাই। ন্যাসৰ অধ্যক্ষ ৰজত বৰণ মহন্তই সভাত পৌৰোহিত্য কৰে। সমবেত ৰাইজক আদৰণি জনায় অধ্যাপিকা পদ্মিনী ভুঞা বৰুৱাই আৰু ন্যাসৰ হৈ অনুষ্ঠান সঞ্চালক ভাস্কৰজ্যোতি ভুঞাই তেজ হাজৰিকাক সম্বৰ্ধনা জনায়।

অনুষ্ঠানত তেজ হাজৰিকাৰ পত্নী কেণ্ডেচ হেমিল্টন হাজৰিকা আৰু পুত্ৰ চেজ আকাশ হাজৰিকা উপস্থিত থাকে। বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক অধ্যাপক উৎপল কুমাৰ শৰ্মা, জ্যেষ্ঠ অধ্যাপকসকলৰ লগতে দুই শতাধিক ছাত্ৰ-ছাত্ৰী, গৱেষক আৰু গণ্যমান্য ব্যক্তিয়ে ইয়াত অংশগ্ৰহণ কৰে। বক্তৃতাৰ অন্তত এক মত-বিনিময় অনুষ্ঠানো অনুষ্ঠিত হয়।

সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ সৈতে সংগতি ৰাখি এইবাৰৰ বিষয়বস্তু নিৰ্বাচন কৰা হৈছিল। ড° অনামিকা ৰায় সোঁৱৰণী ন্যাসৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী ভাষা শিক্ষণ বিভাগ, যোগাযোগ আৰু সাংবাদিকতা বিভাগ তথা ড° ভূপেন হাজৰিকা ফাউণ্ডেশ্যনে সহযোগিতা আগবঢ়ায়।

উল্লেখ্য যে ২০১৭ চনৰ পৰা প্ৰতি বছৰে ন্যাসে গণমাধ্যম শিক্ষা, চিকিৎসা নীতি, মানৱতাবাদ আৰু সম্প্ৰদায়ভিত্তিক যোগাযোগৰ প্ৰসাৰৰ উদ্দেশ্যে এই স্মাৰক বক্তৃতাৰ আয়োজন কৰি আহিছে।