দক্ষিণ কামৰূপৰ বৃহত্তৰ সোণতলী অঞ্চলৰ মৎস্য ব্যৱসায়ী আৰু স্থানীয় ৰাইজৰ দীৰ্ঘদিনীয়া অভাৱ দূৰ কৰি আজিৰে পৰা সোণতলীৰ পুৰাণগাঁৱত আনুষ্ঠানিকভাৱে মুকলি কৰা হয় এখন নতুন মাছৰ নিলাম তথা ক্ৰয়-বিক্ৰয় কেন্দ্ৰ (ডাক কাটা)। সোণতলী আঞ্চলিক মহাবিদ্যালয়ৰ সমীপৱৰ্তী পুৰাণগাঁৱত স্থাপন কৰা এই নতুন কেন্দ্ৰটো বিশিষ্ট অধিবক্তা মহিবুল হকৰ একান্ত প্ৰচেষ্টাত আৰম্ভ কৰা হৈছে।

আজি এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত এই ডাক কাটাখনৰ শুভ উদ্বোধন কৰা হয়। অঞ্চলটোৰ মীন পালকসকলে যাতে তেওঁলোকে উৎপাদন কৰা মাছসমূহৰ উচিত মূল্য লাভ কৰে আৰু ক্ৰেতা-বিক্ৰেতাসকলে এক সুচল বজাৰ ব্যৱস্থা পায়, সেই উদ্দেশ্যেৰেই অধিবক্তা মহিবুল হকে এই পদক্ষেপ গ্ৰহণ কৰিছে। উদ্বোধনী অনুষ্ঠানত স্থানীয় বহু গণ্য-মান্য ব্যক্তি, মৎস্য ব্যৱসায়ী আৰু ৰাইজ উপস্থিত থাকে। সোণতলী আঞ্চলিক মহাবিদ্যালয়ৰ কাষতে গঢ় লৈ উঠা এই মাছৰ নিলাম কেন্দ্ৰটোৱে অনাগত দিনত অঞ্চলটোৰ অৰ্থনৈতিক দিশটো সবল কৰাৰ লগতে নিবনুৱা যুৱক-যুৱতীসকলৰ বাবেও কৰ্মসংস্থাপনৰ পথ মুকলি কৰিব বুলি স্থানীয় ৰাইজে আশা প্ৰকাশ কৰিছে। অধিবক্তা মহিবুল হকৰ এই জনহিতকৰ প্ৰচেষ্টাক এতিয়া অঞ্চলবাসীয়ে ভূয়সী প্ৰশংসা কৰিছে।ইয়াৰ জৰিয়তে অঞ্চলবাসী লাভাম্বিত হ'ব বুলি আশা কৰা হৈছে।