গুৱাহাটী, ২৩ নৱেম্বৰ: আয়ৰ সৈতে সামঞ্জস্যহীন সম্পত্তি আহৰণ আৰু ধন সৰবৰাহৰ গোচৰত নিলম্বিত অসম অসামৰিক সেৱাৰ বিষয়া নুপুৰ বৰাৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে প্ৰৱৰ্তন সঞ্চালকালয় চমুকৈ ইডিয়ে। কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৱে ধন সৰবৰাহ প্ৰতিৰোধ আইন চমুকৈ পিএমএলএৰ অধীনত নুপুৰ বৰাৰ ৭০.০৯ লাখ টকা মূল্যৰ স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তি অস্থায়ীভাৱে জব্দ কৰিছে।

ইডিৰ গুৱাহাটী মণ্ডল কাৰ্যালয়-১-এ এই ব্যৱস্থা গ্ৰহণ কৰে। বৰপেটাৰ চক্ৰ বিষয়া হিচাপে কৰ্মৰত সময়ছোৱাত নুপুৰ বৰাৰ বিৰুদ্ধে উত্থাপিত দুৰ্নীতিৰ অভিযোগৰ ভিত্তিত এই তদন্ত চলোৱা হৈছে। মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষৰ অধীনস্থ তদাৰকী আৰক্ষী থানাত ৰুজু হোৱা এক গোচৰৰ আধাৰত ইডিয়ে এই তদন্ত আৰম্ভ কৰিছিল। ২০১৯ বেটছৰ এচিএছ বিষয়াগৰাকীক ২০২৫ চনৰ ১৫ ছেপ্টেম্বৰত তদাৰকী কোষে প্ৰথমবাৰ গ্ৰেপ্তাৰ কৰিছিল আৰু তাৰ পিছতে তেওঁক চাকৰিৰ পৰা নিলম্বন কৰা হয়। পৰৱৰ্তী সময়ত ২০২৬ চনৰ ফেব্ৰুৱাৰীত ভূমি জালিয়াতিৰ আন এক গোচৰতো তেওঁক পুনৰ গ্ৰেপ্তাৰ কৰা হৈছিল।

৪.০১ কোটি টকাৰ সম্পত্তি আহৰণৰ অভিযোগ

তদাৰকী আৰক্ষীয়ে ২০২৫ চনৰ ১২ নৱেম্বৰত নুপুৰ বৰাৰ বিৰুদ্ধে আদালতত চাৰ্জশ্বীট দাখিল কৰে। ইয়াৰ পিছত ২০২৬ চনৰ ৩১ মাৰ্চত তেওঁৰ স্বামী গগন চন্দ্ৰ কলিতা, পিতৃ কিনাৰাম বৰা আৰু লাট মণ্ডল সুৰজিৎ ডেকাৰ বিৰুদ্ধে গুৱাহাটীৰ বিশেষ আদালতত পৰিপূৰক চাৰ্জশ্বীট দাখিল কৰা হয়। অভিযোগ অনুসৰি, ২০১৯ চনৰ ১৭ জানুৱাৰীৰ পৰা ২০২৫ চনৰ ১৫ ছেপ্টেম্বৰলৈকে নুপুৰ বৰাই জ্ঞাত আয়তকৈ ৪.০১ কোটি টকাৰ অধিক সম্পত্তি আহৰণ কৰিছিল, যিটো তেওঁৰ মুঠ জ্ঞাত আয়ৰ ৪৫৮.৬৪ শতাংশ।

ইডিয়ে জনোৱা অনুসৰি, চক্ৰ বিষয়া হৈ থকাৰ সময়ত নুপুৰ বৰাই সংগ্ৰহ কৰা বৃহৎ পৰিমাণৰ হিচাপবিহীন নগদ ধন নিজৰ লগতে পিতৃ আৰু স্বামীৰ বেংক একাউণ্টত জমা কৰিছিল। ইয়াৰ পিছত লাট মণ্ডল সুৰজিৎ ডেকা আৰু তেওঁৰ পিতৃৰ একাউণ্টৰ জৰিয়তে সেই ধন নুপুৰ বৰাৰ গৃহঋণ আৰু সঞ্চয়ী একাউণ্টলৈ হস্তান্তৰ কৰা হৈছিল। পিতৃ আৰু স্বামীৰ নামত ঠিকাৰ কাম লোৱাৰ উপৰি কাৰ্যালয়ৰ এজন ঠিকাভিত্তিক কৰ্মচাৰীৰ নামত এখন গাড়ী ক্ৰয় কৰাৰ তথ্যও পোহৰলৈ আহিছে।

মিউচুৱেল ফাণ্ড আৰু ভূমিত বিনিয়োগ

অবৈধভাৱে আহৰণ কৰা ধন বেংক ব্যৱস্থাৰ জৰিয়তে বিভিন্ন স্থানত বিনিয়োগ কৰা হৈছিল। জব্দ কৰা সম্পত্তিৰ ভিতৰত নুপুৰ বৰাৰ নামত থকা ১৩.৪৫ লাখ টকাৰ এছবিআই মিউচুৱেল ফাণ্ডৰ ইউনিট আৰু ২১.৬৪ লাখ টকাৰ তিনিখন জীৱন বীমা আঁচনি আছে। তদুপৰি মাজ জালুকবাৰী আৰু গৰল গাঁৱত দুটা ভূমিখণ্ড ক্ৰয়ৰ নামত আগতীয়াকৈ দিয়া ৩৫ লাখ টকা আৰু গুৱাহাটীৰ এটা ফ্লেটৰ বাবে দিয়া ধনো তদন্তৰ আওতালৈ আহিছে।

ইয়াৰ পূৰ্বে ২০২৬ চনৰ ২ এপ্ৰিলত গুৱাহাটীৰ বিশেষ ন্যায়াধীশৰ আদালতে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ অধীনত প্ৰায় ২.৯২ কোটি টকাৰ নগদ ধন, সোণৰ গহনা, ফ্লেট, ভূমি আৰু বাহন জব্দৰ নিৰ্দেশ দিছিল। ইডিৰ শেহতীয়া তথ্য মতে, মূল গোচৰ আৰু পিএমএলএৰ গোচৰ সাঙুৰি এতিয়ালৈকে প্ৰায় ৩.৬২ কোটি টকাৰ সম্পত্তি জব্দ কৰা হৈছে। এই সন্দৰ্ভত তদন্ত এতিয়াও অব্যাহত আছে।