নতুন দিল্লী, ২৪ নৱেম্বৰ: বাংলাদেশলৈ উভতি যোৱাৰ পৰিকল্পনা কৰিছে দেশখনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই। অহা ১৬ ডিচেম্বৰত বাংলাদেশৰ বিজয় দিৱসৰ দিনা দেশলৈ উভতি যাবলৈ বিচাৰিছে তেওঁ। দিল্লীৰ পৰা ঢাকালৈ উভতি যোৱাৰ বাবে বাংলাদেশৰ ৰাষ্ট্ৰীয় বিমান সংস্থা 'বিমান বাংলাদেশ এয়াৰলাইঞ্চ'-ৰ বিমানৰ ব্যৱস্থা কৰিবলৈও অনুৰোধ জনাইছে হাছিনাই।

হাছিনাৰ মুখপাত্ৰ ছৈয়দ মোজাম্মেল আলীয়ে জানিবলৈ দিয়া মতে, দিল্লীৰ পৰা ঢাকালৈ যোৱাৰ বাবে বাংলাদেশৰ চৰকাৰী বিমান সংস্থাৰ বিমান বিচাৰিছে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে। অৱশ্যে তেওঁৰ এই অনুৰোধত বাংলাদেশ চৰকাৰে সন্মতি প্ৰকাশ কৰিব নে নাই, সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

২০২৪ চনৰ ৫ আগষ্টত বাংলাদেশত হোৱা চৰকাৰবিৰোধী গণ-আন্দোলনৰ মাজতে দেশ এৰিবলৈ বাধ্য হৈছিল শ্বেখ হাছিনা। সেই দিনটোৰ কথা সুঁৱৰি তেওঁ দাবী কৰিছিল যে তেওঁ আৰু তেওঁৰ ভগ্নী শ্বেখ ৰেহানাই মাত্ৰ ২০-২৫ মিনিটৰ ব্যৱধানত মৃত্যুৰ মুখৰ পৰা ৰক্ষা পৰিছিল। ২০২৫ চনৰ জানুৱাৰীত প্ৰকাশ পোৱা এটা অডিঅ'ত তেওঁ ২০০৪ চনৰ ২১ আগষ্টৰ গ্ৰেনেড আক্ৰমণ আৰু কোটালিপাৰাত সংঘটিত বোমা বিস্ফোৰণৰ কথাও উল্লেখ কৰিছিল।

২০২৪ চনৰ জুলাই মাহত চৰকাৰী চাকৰিৰ সংৰক্ষণ ব্যৱস্থাৰ বিৰুদ্ধে ছাত্ৰ আন্দোলন আৰম্ভ হৈছিল আৰু পৰৱৰ্তী সময়ত এই আন্দোলন চৰকাৰবিৰোধী গণ-আন্দোলনত পৰিণত হয়। ৫ আগষ্টত প্ৰতিবাদকাৰীসকলে ঢাকাৰ দিশে সমদল আৰম্ভ কৰাৰ পিছতে শ্বেখ হাছিনাই ভগ্নীৰ সৈতে সামৰিক বিমানযোগে দেশ এৰি ভাৰতলৈ ৰাওনা হয়। তেওঁ চৰকাৰী বাসভৱন গণভৱন এৰাৰ প্ৰায় আধা ঘণ্টাৰ পিছতে প্ৰতিবাদকাৰীৰ বৃহৎ দলে তাত প্ৰৱেশ কৰিছিল।

বিমান চলাচলৰ নথি অনুসৰি, হাছিনাক কঢ়িয়াই নিয়া সামৰিক বিমানখনে ৫ আগষ্টৰ বিয়লি ৩ বাজি ৯ মিনিটত ঢাকাৰ বঙ্গবন্ধু এয়াৰবেছৰ পৰা উৰা মাৰিছিল। বিমানখনৰ উৰণ প্ৰথমে প্ৰশিক্ষণমূলক উৰণ হিচাপে নথিভুক্ত কৰা হৈছিল আৰু ট্ৰেন্সপণ্ডাৰ বন্ধ ৰখা হৈছিল। ভাৰতীয় আকাশমাৰ্গৰ ওচৰ পোৱাৰ পিছতহে সেই ব্যৱস্থা পুনৰ সক্ৰিয় কৰা হয়।

বাংলাদেশলৈ উভতি গ'লে শ্বেখ হাছিনা গ্ৰেপ্তাৰৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে। ২০২৪ চনৰ আন্দোলনৰ সময়ত হোৱা হিংসাত্মক দমন অভিযানৰ গোচৰত ২০২৫ চনৰ নৱেম্বৰত বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণে তেওঁক মানৱতাবিৰোধী অপৰাধত দোষী সাব্যস্ত কৰি অনুপস্থিতিতে মৃত্যুদণ্ডৰ ৰায় প্ৰদান কৰে। হাছিনাই এই ৰায় নাকচ কৰি ই ৰাজনৈতিক প্ৰতিশোধমূলক বুলি দাবী কৰিছে।

২৩ নৱেম্বৰত বাংলাদেশৰ বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্বামা ওবায়দ ইছলামে সদৰী কৰে যে হাছিনাই দেশত প্ৰৱেশ কৰিলেই তেওঁক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰা হ'ব। লগতে ভাৰতৰ পৰা প্ৰত্যৰ্পণ চুক্তিৰ অধীনত হাছিনাক বাংলাদেশলৈ গতাই দিয়াৰ দাবীও উত্থাপন কৰিছে দেশখনৰ চৰকাৰে।