নতুন দিল্লী, ২৪ নৱেম্বৰ: মঙলবাৰে পুৱা নেপালত ৫.৩ প্ৰাবল্যৰ এক ভূমিকম্প সংঘটিত হয়। এই ভূমিকম্পৰ ফলত উত্তৰ বংগ আৰু ছিকিমৰ উপৰি বিহাৰৰো বিভিন্ন প্ৰান্তত কম্পন অনুভূত হয়।
নেচনেল চেণ্টাৰ ফৰ ছিচম'লজীৰ তথ্য অনুসৰি, পুৱা প্ৰায় ৭ বাজি ২ মিনিটত এই ভূমিকম্পটো সংঘটিত হয়। উত্তৰ বংগৰ শিলিগুৰি, মিৰিক আৰু দাৰ্জিলিঙত স্থানীয় ৰাইজে জোকাৰণি অনুভৱ কৰে। একেদৰে ছিকিমৰ গেংটক আৰু মাংগানতো ভূমিকম্পৰ কম্পন অনুভূত হয়।
ইয়াৰ উপৰি বিহাৰৰ কেইবাখনো জিলাত ভূমিকম্পৰ জোকাৰণি অনুভূত হয়। ৰাজ্যখনৰ পূৰ্ণিয়া, কাটিহাৰ, আৰাৰিয়া, কিষাণগঞ্জ, ছাহাৰছা, মাধেপুৰা, সুপৌল, দৰভংগা আৰু মধুবনীত ভূমিকম্পৰ কম্পন হোৱাৰ খবৰ পোৱা গৈছে।
ভূমিকম্পৰ ফলত এইপৰ্যন্ত কোনো লোক হতাহত বা সম্পত্তিৰ ক্ষয়-ক্ষতি হোৱাৰ তথ্য পোৱা হোৱা নাই। দাৰ্জিলিঙৰ এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াই জানিবলৈ দিয়া মতে, অঞ্চলটোত কোনো ধৰণৰ হানি-বিঘিনি ঘটা নাই। আনহাতে ছিকিম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ এগৰাকী বিষয়াইও ক্ষয়-ক্ষতিৰ কোনো বাতৰি পোৱা নাই বুলি সদৰী কৰিছে। অৱশ্যে দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে।
দাৰ্জিলিঙলৈ যোৱা পৰ্যটকসকলেও পুৱাৰ ভাগত ভূমিকম্পৰ এই জোকাৰণি অনুভৱ কৰে। দাৰ্জিলিং মলৰ সমীপৰ এটা স্থানত থকা এগৰাকী পৰ্যটকে জনোৱা মতে, হঠাৎ জোকাৰণি অনুভৱ কৰাৰ পিছত সকলোৱে ভূমিকম্প হোৱা বুলি নিশ্চিত হয়।
হিমালয়ৰ পাদদেশত অৱস্থিত এই সমগ্ৰ অঞ্চলটো পূৰ্বেও কেইবাটাও প্ৰবল ভূমিকম্পৰ সন্মুখীন হৈছে। ২০১১ চনৰ ১৮ ছেপ্টেম্বৰত ছিকিমত ৬.৯ প্ৰাবল্যৰ ভূমিকম্পই ব্যাপক ধ্বংসলীলা চলাইছিল আৰু ১০০ৰো অধিক লোকৰ প্ৰাণহানি ঘটিছিল। একেদৰে ২০১৫ চনৰ এপ্ৰিল মাহত হোৱা ভূমিকম্পৰ ফলত উত্তৰ বংগৰ কালিম্পং, মিৰিক আৰু শিলিগুৰি আদি অঞ্চলত কেইবাজনো লোক নিহত হৈছিল।