ডিব্ৰুগড়ত আজি বীৰ লাচিত বৰফুকন দিৱস উপলক্ষে এক স্মৰণ অনুষ্ঠানৰ আয়োজন কৰা হয়। অন্যান্য পিছপৰা শ্ৰেণী (অ.বি.চি) মৰ্চাৰ উদ্যোগত আৰু ভাৰতীয় জনতা পাৰ্টিৰ ডিব্ৰুগড় জিলা সমিতিৰ সহযোগত এই কাৰ্য্যসূচী ৰূপায়ণ কৰা হয়। অনুষ্ঠানৰ আৰম্ভণিতে ভাৰত মাতা, ড° শ্যামা প্ৰসাদ মুখাৰ্জী আৰু পণ্ডিত দীনদয়াল উপাধ্যায়ৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। ইয়াৰ পাছতে 'বন্দে মাতৰম' আৰু 'অ' মোৰ আপোনাৰ দেশ' গীত পৰিৱেশনৰে কাৰ্য্যসূচীৰ আনুষ্ঠানিক শুভাৰম্ভ কৰা হয়। ৰঞ্জিত চেতিয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত ডিব্ৰুগড় পৌৰসভাৰ মেয়ৰ সৈকত পাত্ৰ, উপ-মেয়ৰ উজ্জ্বল ফুকন, উন্নয়ন প্ৰাধিকৰণৰ উপাধ্যক্ষ অসীম হাজৰিকা, মণ্ডল সভাপতি বিটো বৰুৱাকে ধৰি ভালেসংখ্যক গণ্য-মান্য ব্যক্তি উপস্থিত থাকে। সভাত উপস্থিত বক্তাসকলে বীৰ লাচিত বৰফুকনৰ অসীম দেশপ্ৰেম আৰু শৰাইঘাটৰ ৰণৰ বীৰত্বপূৰ্ণ ইতিহাস সোঁৱৰণ কৰে। লগতে নতুন প্ৰজন্মক লাচিতৰ ত্যাগ আৰু আদৰ্শৰে অনুপ্ৰাণিত হ'বলৈ আহ্বান জনায়।
দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠানতে এক চিত্ৰাংকন আৰু ৰচনা প্ৰতিযোগিতাৰো আয়োজন কৰা হয়। কাৰ্য্যসূচীৰ সামৰণিত উপস্থিত সকলোৱে বীৰ লাচিত বৰফুকনৰ আদৰ্শক সাৰোগত কৰি জাতি আৰু দেশৰ হকে নিষ্ঠাৰে কাম কৰি যোৱাৰ সংকল্প গ্ৰহণ কৰে।