উত্তৰ-পূব দিল্লীৰ ২০২০ চনৰ সাম্প্ৰদায়িক হিংসাৰ বৃহত্তৰ ষড়যন্ত্ৰৰ অভিযোগত কাৰাবন্দী উমৰ খালিদ আৰু শাৰ্জিল ইমামৰ জামিন আবেদনৰ শুনানি ২৫ নৱেম্বৰত সৰ্বোচ্চ ন্যায়ালয়ত অনুষ্ঠিত হ'ব। সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, ন্যায়াধীশ জয়মাল্য বাগচী আৰু ন্যায়াধীশ ভি মোহনাৰে গঠিত তিনিজনীয়া বিচাৰপীঠে আবেদন দুখনৰ শুনানি গ্ৰহণ কৰিব।ইউএপিএৰ অধীনত ৰুজু হোৱা গোচৰটোত দিল্লী উচ্চ ন্যায়ালয়ে জামিন দিবলৈ অস্বীকাৰ কৰাৰ পাছত দুয়োগৰাকী অভিযুক্ত সৰ্বোচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে। বিচাৰ প্ৰক্ৰিয়াত যথেষ্ট বিলম্ব হোৱা আৰু সুৰক্ষিত সাক্ষীসকলৰ সাক্ষ্যদান এতিয়াও সম্পূৰ্ণ নোহোৱাৰ কথা তেওঁলোকে আবেদনত উল্লেখ কৰিছে।
শাৰ্জিল ইমামৰ আবেদন অনুসৰি, ২০২০ চনৰ ২৫ ছেপ্টেম্বৰত দাখিল কৰা চাৰ্জশ্বীটত ১৮ জন অভিযুক্তৰ নাম আছে। গোচৰটোত ৯০০ৰো অধিক সাক্ষীৰ নাম উল্লেখ আছে, যাৰ ভিতৰত ৪৭ জন সুৰক্ষিত সাক্ষী। প্ৰায় ছয় বছৰ ন মাহ ধৰি বিচাৰাধীন বন্দী হিচাপে কাৰাগাৰত থকাৰ পাছতো এজনো সাক্ষীৰ পৰীক্ষা সম্পূৰ্ণ হোৱা নাই বুলি ইমামে দাবী কৰিছে। উমৰ খালিদেও সুৰক্ষিত সাক্ষীৰ পৰীক্ষা সম্পূৰ্ণ নোহোৱা আৰু দীৰ্ঘদিনীয়া কাৰাবন্দিত্বৰ বিষয়টো জামিনৰ যুক্তি হিচাপে দাঙি ধৰিছে। তেওঁৰ মতে, এনে দীৰ্ঘ কাৰাবন্দিত্বই সংবিধানৰ ২১নং অনুচ্ছেদত নিশ্চিত কৰা জীৱন আৰু ব্যক্তিগত স্বাধীনতাৰ অধিকাৰৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে।
চলিত বছৰৰ ৫ জানুৱাৰীত সৰ্বোচ্চ ন্যায়ালয়ে তেওঁলোকৰ পূৰ্বৰ জামিন আবেদন নাকচ কৰিছিল। অৱশ্যে, সুৰক্ষিত সাক্ষীৰ পৰীক্ষা সম্পূৰ্ণ হোৱাৰ পাছত অথবা এবছৰ উকলি যোৱাৰ পাছত, যিটোৱেই আগতে হয়, সেই সময়ত নতুনকৈ জামিন আবেদন জনোৱাৰ সুযোগ দিছিল আদালতে। পাছত ৩০ ছেপ্টেম্বৰত দিল্লী উচ্চ ন্যায়ালয়েও দুয়োগৰাকীৰ জামিন আবেদন নাকচ কৰে। সৰ্বোচ্চ ন্যায়ালয়ৰ পূৰ্বৰ নিৰ্দেশ সলনি কৰাৰ ক্ষমতা নিজৰ নাই বুলি উচ্চ ন্যায়ালয়ে উল্লেখ কৰিছিল। ২০২০ চনৰ ফেব্ৰুৱাৰীত নাগৰিকত্ব সংশোধনী আইনবিৰোধী প্ৰতিবাদক কেন্দ্ৰ কৰি উত্তৰ-পূব দিল্লীত সংঘটিত হিংসাত ৫৩ জন লোকৰ মৃত্যু হৈছিল আৰু ৭০০ৰো অধিক লোক আহত হৈছিল।