ইৰাণত হিজাব পৰিধান নকৰাকৈ সংগীতানুষ্ঠান পৰিৱেশন কৰাৰ অভিযোগত দেশখনৰ জনপ্ৰিয় কণ্ঠশিল্পী পাৰাস্তো আহমাদী আৰু তেওঁৰ দলৰ আন চাৰিজন সদস্যক ৭৪টাকৈ বেত্ৰাঘাতৰ শাস্তি বিহা হৈছে। অধিবক্তাসকলে সদৰী কৰা অনুসৰি এই শাস্তি ইতিমধ্যে কাৰ্যকৰী কৰা হৈছে। প্ৰাপ্ত তথ্য অনুসৰি, যোৱা ডিচেম্বৰ মাহত পাৰাস্তো আহমাদীয়ে এটা সংগীতানুষ্ঠান পৰিৱেশন কৰিছিল আৰু উক্ত অনুষ্ঠানটো ইউটিউবত পোনপটীয়াকৈ সম্প্ৰচাৰ কৰা হৈছিল। অনুষ্ঠানটোত কণ্ঠশিল্পীগৰাকীয়ে হিজাব নিপিন্ধাৰ উপৰিও হাতবিহীন পোছাক পৰিধান কৰিছিল। ইৰাণৰ আইন অনুসৰি মহিলাসকলে ৰাজহুৱা স্থানত হিজাব আৰু শালীন পোছাক পৰিধান কৰাটো বাধ্যতামূলক হোৱাৰ লগতে মহিলাৰ ৰাজহুৱা সংগীত পৰিৱেশনৰ ওপৰতো নিষেধাজ্ঞা আছে। এই অনুষ্ঠানৰ পৰিপ্ৰেক্ষিতত কণ্ঠশিল্পীগৰাকীৰ লগতে তেওঁৰ বেণ্ডৰ তিনিগৰাকী সংগীতজ্ঞ আৰু প্ৰযোজনা দলৰ এজন সদস্যক আদালতৰ নিৰ্দেশত এই শাস্তি বিহা হয়।

ইৰাণৰ আইন অনুসৰি ৰাজহুৱা শালীনতা ভংগ কৰাৰ অভিযোগত অভিযুক্তক ১০ দিনৰ পৰা দুমাহ পৰ্যন্ত কাৰাদণ্ড অথবা ৭৪টাকৈ বেত্ৰাঘাত কৰাৰ ব্যৱস্থা আছে বুলি ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ সম্পৰ্কীয় তথ্যত উল্লেখ কৰা হৈছে।

উল্লেখ্য যে, ২০২২ চনত ইৰাণত হিজাব নীতিৰ বিৰুদ্ধে তীব্ৰ গণপ্ৰতিবাদ গঢ়ি উঠিছিল। সঠিকভাৱে হিজাব পৰিধান নকৰাৰ অভিযোগত নৈতিকতা আৰক্ষীয়ে আটক কৰাৰ পিছত আৰক্ষীৰ জিম্মাতে ২২ বছৰীয়া যুৱতী মাহছা আমিনীৰ মৃত্যু হৈছিল। ইয়াৰ পাছতে দেশজুৰি উত্তাল প্ৰতিবাদৰ সৃষ্টি হয়। সেই সময়ত নিৰাপত্তাৰক্ষীৰ অভিযানত বহু লোকৰ মৃত্যু হৈছিল আৰু হাজাৰ হাজাৰ লোকক গ্ৰেপ্তাৰ কৰা হৈছিল।

কণ্ঠশিল্পী পাৰাস্তো আহমাদীৰ বিৰুদ্ধে লোৱা এই কঠোৰ ব্যৱস্থাই ইৰাণত মহিলাসকলৰ স্বাধীনতা, পোছাক পৰিধানৰ অধিকাৰ আৰু ৰাজহুৱা পৰিৱেশনক লৈ পুনৰ নতুন চৰ্চাৰ সৃষ্টি কৰিছে।