‘ৰাহুল বাবা, এয়া বাংলাদেশ নহয়, ভাৰত!’ — এই মন্তব্যৰে ৰাহুল গান্ধীক কটাক্ষ কৰে মন্ত্ৰী শিৱৰাজ সিং চৌহানে।
‘দেশক মচিবলৈ চেষ্টা কৰাসকল নিজেই মচি গ’ল’
৩ নৱেম্বৰত সামাজিক মাধ্যমৰ X-ত দিয়া এটা পোষ্টত শিৱৰাজ সিং চৌহানে লিখে, ‘আমাৰ দেশক মচিবলৈ চেষ্টা কৰাসকল নিজেই মচি গ’ল।’ লগতে ৰাহুল গান্ধীক উদ্দেশ্যি তেওঁ মন্তব্য কৰে যে ভাৰতত গণতন্ত্ৰৰ কণ্ঠৰোধ কৰিব নোৱাৰি।
গণতন্ত্ৰক লৈ ৰাজনৈতিক বাকযুদ্ধ
দেশৰ গণতান্ত্ৰিক প্ৰতিষ্ঠান আৰু ৰাজনৈতিক প্ৰতিবাদক লৈ বিজেপি আৰু বিৰোধী পক্ষৰ মাজত চলি থকা বাকযুদ্ধৰ মাজতে শিৱৰাজৰ এই মন্তব্যই নতুন চৰ্চাৰ সৃষ্টি কৰিছে।
লক্ষ্ণৌতো বিৰোধীক আক্ৰমণ
ইয়াৰ পূৰ্বে মঙলবাৰে লক্ষ্ণৌত ‘গণতন্ত্ৰ বচাওক, অৰাজকতা আঁতৰাওক’ শীৰ্ষক পদযাত্ৰাত অংশগ্ৰহণ কৰিও কংগ্ৰেছ আৰু বিৰোধী পক্ষক সমালোচনা কৰিছিল কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।