৪ নৱেম্বৰঃ আমেৰিকাৰ Midterm Electionত ড’নাল্ড ট্ৰাম্পৰ Republican Partyয়ে House আৰু Senate—দুয়োখন সদনতে নিয়ন্ত্ৰণ হেৰুওৱাৰ পিছতে ভাৰততো ৰাজনৈতিক প্ৰতিক্ৰিয়া প্ৰকাশ পাইছে। এই নিৰ্বাচনী ফলাফলক লৈ ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰক কটাক্ষ কৰিছে Cockroach Janata Party (CJP)ৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে।

সামাজিক মাধ্যম Xত অভিজিৎ দীপকে লিখিছে, “জ্ঞানেশ কুমাৰে কেতিয়াও ট্ৰাম্পৰ সৈতে এনে হ’বলৈ নিদিলেহেঁতেন।” তেওঁৰ এই মন্তব্যক ভাৰতৰ নিৰ্বাচন আয়োগ আৰু মুখ্য নিৰ্বাচন আয়ুক্তৰ ভূমিকাক লৈ কৰা বিদ্ৰূপ হিচাপে ব্যাখ্যা কৰা হৈছে।

অভিজিৎ দীপকে আৰু তেওঁৰ সহযোগীসকলে ভাৰতৰ নিৰ্বাচনী প্ৰক্ৰিয়া তথা নিৰ্বাচন আয়োগৰ ভূমিকাক লৈ পূৰ্বৰে পৰা প্ৰশ্ন উত্থাপন কৰি আহিছে। তেওঁলোকৰ অভিযোগ, জ্ঞানেশ কুমাৰৰ নেতৃত্বত নিৰ্বাচন আয়োগে BJPক নিৰ্বাচনী সুবিধা প্ৰদান কৰে। অৱশ্যে এইবোৰ তেওঁলোকৰ ৰাজনৈতিক অভিযোগ।

‘বিশ্বজুৰি স্বৈৰাচাৰী নেতাৰ বাবে কঠিন সময়’

আনহাতে, CJPৰ মুখপাত্ৰ সৌৰভ দাসেও আমেৰিকাৰ নিৰ্বাচনী ফলাফলক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁ Xত লিখিছে যে ট্ৰাম্পৰ দল House আৰু Senate—দুয়োখন সদনৰ নিয়ন্ত্ৰণ হেৰুৱাইছে। বিশ্বজুৰি স্বৈৰাচাৰী হ’বলৈ চেষ্টা কৰা নেতাসকলৰ বাবে সময় কঠিন হৈ পৰিছে বুলিও মন্তব্য কৰে তেওঁ।

সৌৰভ দাসে লগতে কয় যে স্বৈৰাচাৰী ৰাজনীতিৰ বিৰুদ্ধে যুঁজ কেৱল নিৰ্বাচনত জয়-পৰাজয়ৰ মাজতে সীমাবদ্ধ থাকিব নালাগে। নিৰ্বাচনৰ পিছতো ক্ষমতাত থকা নেতা, তেওঁলোকৰ সহযোগী আৰু এনে ৰাজনীতিক সহায় কৰা লোকসকলৰ জবাবদিহি নিশ্চিত কৰাটো প্ৰয়োজন।

তেওঁৰ মতে, ‘শক্তিশালী নেতা’ৰ ভাবমূৰ্তিতকৈ গণতান্ত্ৰিক প্ৰতিষ্ঠান, জবাবদিহিতা আৰু সাধাৰণ জনতাৰ সমস্যাই অধিক গুৰুত্ব লাভ কৰিছে। ভোটাৰসকলে ঘৃণাৰ ৰাজনীতিৰ পৰিৱৰ্তে কৰ্মসংস্থাপন, অৰ্থনৈতিক স্থিৰতা আৰু মূল্যবৃদ্ধিৰ পৰা সকাহৰ দৰে মৌলিক বিষয়ক অগ্ৰাধিকাৰ দিছে বুলিও তেওঁ মত প্ৰকাশ কৰে।

আমেৰিকাৰ নিৰ্বাচনী ফলাফলক কেন্দ্ৰ কৰি অভিজিৎ দীপকে আৰু সৌৰভ দাসৰ এই মন্তব্যই ভাৰতৰ নিৰ্বাচনী ব্যৱস্থা, গণতান্ত্ৰিক প্ৰতিষ্ঠান আৰু ৰাজনৈতিক জবাবদিহিতাক লৈ পুনৰ চৰ্চাৰ সৃষ্টি কৰিছে।