গৰু হত্যা, পশুধন সংৰক্ষণ আৰু ধৰ্মীয় খাদ্যাভ্যাসক লৈ অসমত চলি অহা বিতৰ্কৰ ইতিহাস বহু পুৰণি। ১৯৫০ চনতে এই বিষয়সমূহক কেন্দ্ৰ কৰি অসম বিধানসভাত হৈছিল বিস্তৃত আলোচনা । ১৬ মাৰ্চ, ১৯৫০ত অনুষ্ঠিত বিধানসভাৰ অধিৱেশনত উত্থাপন কৰা হৈছিল ‘

’। বিধেয়কখনক লৈ হোৱা আলোচনাত পশুধন সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ লগতে কৃষি, দুগ্ধ উৎপাদন, মাংস ভক্ষণ আৰু চামৰা উদ্যোগৰ ওপৰত ইয়াৰ সম্ভাৱ্য প্ৰভাৱৰ বিষয়েও মতামত প্ৰকাশ কৰিছিল বিধায়কসকলে।
সেইদিনা বিধানসভাত বিধেয়কখন উত্থাপন কৰিছিল তদানীন্তন মন্ত্ৰী মৌলৱী আব্দুল মতলিব মজুমদাৰে। তেওঁ জনাইছিল যে উপযোগী পশুধনৰ হত্যা বন্ধ কৰাৰ দাবী বিভিন্ন পক্ষৰ পৰা বহুদিন ধৰি উত্থাপিত হৈ আহিছে। ভাৰতৰ লগতে অসমতো উপযোগী গৰু-ম’হৰ সংখ্যা হ্ৰাস পোৱাটো চিন্তাৰ বিষয় হৈ পৰিছিল।
‘উপযোগী পশুধনৰ হত্যা বন্ধ কৰাৰ দাবী বহুদিনীয়া’
বিধেয়কখনৰ উদ্দেশ্য ব্যাখ্যা কৰি মন্ত্ৰী মৌলৱী আব্দুল মতলিব মজুমদাৰে সদনত কৈছিল—
“আমি কিছুদিনৰ পৰা বিভিন্ন লোকৰ পৰা উপযোগী পশুধনৰ হত্যা বন্ধ কৰাৰ দাবী লাভ কৰি আহিছোঁ।”
মূল ইংৰাজী বক্তব্যত তেওঁ কৈছিল, “We have been receiving demands from various people for stopping the slaughter of useful cattle for some time past.”
তেওঁৰ মতে, উপযোগী গৰু-ম’হৰ সংখ্যা হ্ৰাস পোৱাৰ ফলত কেৱল অসমতে নহয়, সমগ্ৰ ভাৰততে মানুহে গাখীৰ, মাখন আৰু অন্যান্য দুগ্ধজাত সামগ্ৰীৰ নাটনিৰ সন্মুখীন হ'বলগীয়া হৈছে। কৃষিকাৰ্যৰ বাবেও পৰ্যাপ্ত হালোৱা গৰু আৰু বোজা কঢ়িওৱা পশুৰ অভাৱ দেখা দিছিল।
এই সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে সদনত কৈছিল—
“গাখীৰ, মাখন আৰু অন্যান্য দুগ্ধজাত সামগ্ৰীৰ যোগানৰ বাবে আমাৰ পৰ্যাপ্ত গাই নাই। একেদৰে হাল বোৱাৰ বাবে পৰ্যাপ্ত গৰু আৰু বোজা কঢ়িওৱা পশুৰো অভাৱ।”
‘সকলো গৰুৰ হত্যা বন্ধ কৰাটো বিধেয়কৰ উদ্দেশ্য নহয়’
বিধেয়কখনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশ আছিল ইয়াৰ প্ৰকৃত উদ্দেশ্য। মন্ত্ৰী আব্দুল মতলিব মজুমদাৰে স্পষ্ট কৰি দিছিল যে সকলো পশুৰ হত্যা সম্পূৰ্ণৰূপে বন্ধ কৰাটো বিধেয়কখনৰ লক্ষ্য নহয়।
তেওঁৰ বক্তব্য আছিল—
“অৱশ্যে, সকলো গৰুৰ হত্যা সম্পূৰ্ণৰূপে বন্ধ কৰাটো এই বিধেয়কৰ উদ্দেশ্য নহয়।”
মূল ইংৰাজী বক্তব্যত তেওঁ কৈছিল, “It is not in the contemplation of the Bill to stop the slaughter of any cattle altogether.”
তেওঁ লগতে ব্যাখ্যা কৰিছিল যে যিবোৰ পশু হাল বোৱা, গাড়ী টনা বা গাখীৰ উৎপাদনৰ বাবে উপযোগী, সেইবোৰ সংৰক্ষণ কৰাটোহে বিধেয়কৰ মূল উদ্দেশ্য। আনহাতে, কৃষিকাৰ্যত ব্যৱহাৰ কৰিব নোৱাৰা বা অনুপযোগী পশুৰ ক্ষেত্ৰত পৃথক ব্যৱস্থাৰ অৱকাশ থাকিব।
ধৰ্মীয় খাদ্যাভ্যাসৰ প্ৰশ্নও উত্থাপন কৰিছিল মন্ত্ৰীয়ে
বিধেয়কখনৰ আলোচনাত ধৰ্মীয় খাদ্যাভ্যাসৰ প্ৰসংগও বিশেষভাৱে স্থান পাইছিল। মন্ত্ৰী আব্দুল মতলিব মজুমদাৰে উল্লেখ কৰিছিল যে ভাৰতৰ জনসংখ্যাৰ এটা অংশ, বিশেষকৈ মুছলমান সম্প্ৰদায়ৰ বহু লোকৰ খাদ্যাভ্যাসত গৰুৰ মাংসৰ স্থান আছে।
তেওঁ ভাৰতৰ জনসংখ্যাৰ উদাহৰণ দি যুক্তি দিছিল যে কোটি কোটি মানুহৰ খাদ্যাভ্যাসৰ প্ৰশ্নটোও বিবেচনা কৰা উচিত। তেওঁৰ বক্তব্যত স্পষ্ট হৈছিল যে পশুধন সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰোঁতে বিভিন্ন সম্প্ৰদায়ৰ খাদ্যাভ্যাস আৰু সামাজিক বাস্তৱতাকো গুৰুত্ব দিব লাগিব।

চামৰা উদ্যোগ বন্ধ হোৱাৰ আশংকা, মন্ত্ৰীৰ উত্তৰ কি আছিল?
বিধেয়কখনক লৈ হোৱা বিতৰ্কৰ আন এটা গুৰুত্বপূৰ্ণ দিশ আছিল Hide and Skin Industry অৰ্থাৎ চামৰা আৰু ছালৰ উদ্যোগ।
বিধায়কসকলে আশংকা প্ৰকাশ কৰিছিল যে পশুধন হত্যাৰ ক্ষেত্ৰত নিয়ন্ত্ৰণ আৰোপ কৰিলে এই উদ্যোগৰ ওপৰত প্ৰভাৱ পৰিব পাৰে। ইয়াৰ ফলত উদ্যোগটোৰ সৈতে জড়িত ব্যৱসায় আৰু জীৱিকাৰ ক্ষেত্ৰতো সমস্যাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে।
এই প্ৰসংগত মন্ত্ৰী আব্দুল মতলিব মজুমদাৰে স্বীকাৰ কৰিছিল যে চামৰা উদ্যোগ কিছু পৰিমাণে প্ৰভাৱিত হোৱাৰ সম্ভাৱনা আছে। কিন্তু তেওঁৰ মতে, উপযোগী পশুধনৰ হত্যা বন্ধ কৰাৰ ফলত সমাজে লাভ কৰিবলগীয়া সুবিধাই সেই ক্ষতি পূৰণ কৰিব পাৰে।
তেওঁৰ ভাষাত—
“এই উদ্যোগটো প্ৰভাৱিত হোৱাৰ সম্ভাৱনা আছে। কিন্তু উপযোগী পশুধনৰ হত্যা বন্ধ কৰাৰ ফলত জনসাধাৰণে যি লাভ কৰিব, তাৰ দ্বাৰা সেই ক্ষতি পূৰণ হ'ব পাৰে।”
মূল ইংৰাজী বক্তব্যত তেওঁ কৈছিল, “There is a chance of its being affected, but even if that industry is affected, it will be amply compensated by the benefit that will be derived by our people by stopping slaughter of useful cattle.”

এই সময়তে বিধায়ক ডাঃ ইমৰাণ হুছেইন চৌধুৰীয়ে উদ্যোগটোৰ ওপৰত প্ৰভাৱৰ পৰিমাণ সন্দৰ্ভত মন্তব্য কৰি কৈছিল, “Only slightly!” অৰ্থাৎ, প্ৰভাৱ সামান্যহে হ'ব।
চূড়ান্ত আইন নহয়, জনমত বিচৰাৰ সিদ্ধান্ত
আলোচনা-সমালোচনাৰ অন্তত বিধানসভাৰ অধ্যক্ষই ‘The Assam Animal Preservation Bill, 1950’ সন্দৰ্ভত জনসাধাৰণৰ মতামত সংগ্ৰহৰ বাবে ১৯৫০ চনৰ ৩১ আগষ্টৰ ভিতৰত বিধেয়কখন প্ৰচাৰ কৰাৰ প্ৰস্তাৱ উত্থাপন কৰে।
সদনে প্ৰস্তাৱটো গ্ৰহণ কৰে
উল্লেখযোগ্য যে ১৬ মাৰ্চ, ১৯৫০ৰ এই অধিৱেশনত বিধেয়কখন চূড়ান্ত আইন হিচাপে গৃহীত হোৱা নাছিল। বৰং জনসাধাৰণৰ মতামত সংগ্ৰহৰ উদ্দেশ্যে ইয়াক প্ৰচাৰৰ সিদ্ধান্তহে গ্ৰহণ কৰা হৈছিল।
স্বাধীনতাৰ মাত্ৰ তিনিবছৰৰ পাছতে অসম বিধানসভাত পশুধন সংৰক্ষণ, ধৰ্মীয় খাদ্যাভ্যাস, কৃষি অৰ্থনীতি আৰু চামৰা উদ্যোগক লৈ হোৱা এই আলোচনা অসমৰ ৰাজনৈতিক ইতিহাসৰ এক উল্লেখযোগ্য অধ্যায়। ৭৬ বছৰ পুৰণি এই নথিয়ে দেখুৱায় যে সেই সময়তো পশুধন সংৰক্ষণৰ প্ৰশ্নটো কেৱল ধৰ্মীয় বিষয়তে সীমাবদ্ধ নাছিল। ইয়াৰ সৈতে জড়িত আছিল কৃষকৰ জীৱিকা, খাদ্যৰ প্ৰয়োজনীয়তা, দুগ্ধ উৎপাদন আৰু উদ্যোগৰ ভৱিষ্যৎ।
তথ্যৰ উৎস: Assam Legislative Assembly Proceedings, 16 March 1950, The Assam Animal Preservation Bill, 1950, পৃষ্ঠা ১২১–১২৪