শিৱসাগৰ, ৪ নৱেম্বৰ, ২০২৬:
শিৱসাগৰৰ ঐতিহ্যমণ্ডিত ৰজাদিনীয়া যমুনাক বেদখলমুক্ত কৰাৰ বাবে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে জিলা প্ৰশাসনে। অহা ৭ নৱেম্বৰৰ পৰা যমুনাৰ বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলোৱা হ’ব। আনহাতে, যমুনাৰ ভূমি চৰকাৰীভাৱে আবণ্টন লাভ কৰা লোকসকলৰ নিৰ্মাণৰ বাবে ক্ষতিপূৰণ প্ৰদানৰ উদ্দেশ্যে ১.৬ কোটি টকাৰ প্ৰস্তাৱ অসম চৰকাৰলৈ প্ৰেৰণ কৰা হৈছে বুলি জানিবলৈ দিছে বিধায়ক অখিল গগৈয়ে ।
জিলা আয়ুক্তৰ কাৰ্যালয়ত গুৰুত্বপূৰ্ণ বৈঠক
বুধবাৰে শিৱসাগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত যমুনাৰ সংৰক্ষণ আৰু পুনৰুদ্ধাৰক লৈ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। বৈঠকত শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ, জিলা আয়ুক্ত, বিভিন্ন চৰকাৰী বিভাগৰ উচ্চপদস্থ বিষয়া, সদৌ তাই আহোম ছাত্ৰ সন্থাৰ (আটাছু) প্ৰতিনিধি আৰু যমুনাৰ ভূমি বেদখলৰ অভিযোগত অভিযুক্ত একাংশ লোক উপস্থিত থাকে।
বৈঠকত যমুনাৰ ভূমি বেদখলমুক্ত কৰাৰ লগতে ঐতিহাসিক জলাশয়টোৰ সংৰক্ষণ আৰু সৌন্দৰ্যবৰ্ধনৰ কাম আগবঢ়াই নিয়াৰ সন্দৰ্ভত আলোচনা কৰা হয়।
বৈঠকত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি, অহা ৭ নৱেম্বৰৰ পৰা যমুনাৰ বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলাব জিলা প্ৰশাসনে। যমুনাৰ ভূমি সম্পূৰ্ণৰূপে বেদখলমুক্ত কৰাৰ লক্ষ্যৰে এই অভিযান আৰম্ভ কৰা হ’ব।
উল্লেখ্য যে, ঐতিহাসিক যমুনাৰ ভূমি বেদখলমুক্ত কৰাৰ দাবীত বিগত কেইবাদিনো ধৰি প্ৰতিবাদ অব্যাহত ৰাখিছিল আটাছুৱে। সংগঠনটোৱে যমুনাৰ পূৰ্বৰ সীমা সুৰক্ষিত কৰি প্ৰতিটো বেদখল উচ্ছেদ কৰাৰ দাবী জনাই আহিছিল।
আনহাতে, যমুনাৰ ভূমি চৰকাৰীভাৱে আবণ্টন লাভ কৰা লোকসকলৰ নিৰ্মাণৰ বাবে ক্ষতিপূৰণ প্ৰদানৰ বিষয়টোও বৈঠকত আলোচনা কৰা হয়। এনে লোকসকলক ক্ষতিপূৰণ প্ৰদানৰ বাবে ১.৬ কোটি টকাৰ অনুমোদন বিচাৰি অসম চৰকাৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰা হৈছে বুলি বিধায়ক অখিল গগৈয়ে জানিবলৈ দিয়ে।