আমগুৰি, ৪ নৱেম্বৰঃ শিৱসাগৰ জিলাৰ আমগুৰিত মটৰচাইকেলৰ খুন্দাত নিহত হৈছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতা পল্লৱ শইকীয়া। তেওঁ সংগঠনটোৰ শিৱসাগৰ জিলা সমিতিৰ যুটীয়া সভাপতিৰ দায়িত্বত আছিল।
আমগুৰিৰ কছাৰী লাইনৰ সমীপত ৬১ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনা। ৰাষ্ট্ৰীয় ঘাইপথটো অতিক্ৰম কৰিবলৈ লোৱাৰ সময়তে AS04AD3918 নম্বৰৰ এখন মটৰচাইকেলে খুন্দা মৰাত পথত ছিটিকি পৰে পল্লৱ শইকীয়া।
দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত যুৱকজনক প্ৰথমে আমগুৰি চিকিৎসালয়লৈ নিয়া হয়। পৰৱৰ্তী সময়ত চিকিৎসকে তেওঁক জয়সাগৰস্থিত শিৱসাগৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰে। কিন্তু চিকিৎসালয়খনতে মৃত্যুক আঁকোৱালি লয় পল্লৱ শইকীয়াই।
আমগুৰি পৌৰসভাৰ ১ নং ৱাৰ্ডৰ নিৱাসী পল্লৱ শইকীয়াৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে অঞ্চলটোত শোকৰ ছাঁ পৰে। আনহাতে, দুৰ্ঘটনাটোত বাইকচালক বাঘজান চাহ বাগিচাৰ বিকাশ মোডীও সামান্য পৰিমাণে আহত হয়। তেওঁক আমগুৰি চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
পল্লৱ শইকীয়াৰ মৃত্যুৰ পিছতে আমগুৰি চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।