সৰভোগ, ৪ নৱেম্বৰঃ সৰভোগত ৫১ লাখ ২৫ হাজাৰ ১০০ টকা ব্যয়সাপেক্ষে সম্পূৰ্ণ হোৱা তিনিটা উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ কৰে অসম বিধানসভাৰ অধ্যক্ষ তথা ভৱানীপুৰ–সৰভোগ সমষ্টিৰ বিধায়ক ৰণজিৎ কুমাৰ দাসে। আজি সৰভোগ পৌৰসভাৰ উদ্যোগত ৰূপায়ণ কৰা প্ৰকল্পকেইটা আনুষ্ঠানিকভাৱে ৰাইজৰ সেৱাৰ্থে মুকলি কৰা হয়।
শুভাৰম্ভ কৰা প্ৰকল্পকেইটাৰ ভিতৰত আছে সৰভোগৰ ২ নং ৱাৰ্ডৰ শংকৰদেৱ শিশু নিকেতনত এটা বিশুদ্ধ খোৱাপানীৰ কক্ষ, ৪ নং ৱাৰ্ডৰ সৰভোগ বজাৰৰ সমীপত আন এটা বিশুদ্ধ খোৱাপানীৰ কক্ষ আৰু একেটা ৱাৰ্ডৰ লোকনিৰ্মাণ পথৰ পৰা শনি মন্দিৰলৈকে চিচি পেভাৰ ব্লকৰ আন্তঃসংযোগী পথ নিৰ্মাণ।
ইয়াৰ উপৰি, সৰভোগ চেম্বাৰ অৱ কমাৰ্চৰ নৱনিৰ্মিত কাৰ্যালয় ভৱনটোও আনুষ্ঠানিকভাৱে মুকলি কৰে বিধানসভাৰ অধ্যক্ষ ৰণজিৎ কুমাৰ দাসে। ব্যৱসায়ীসকলৰ সেৱাৰ্থে ভৱনটো উচৰ্গা কৰা হয়।
এই উন্নয়নমূলক পদক্ষেপসমূহে সৰভোগৰ নাগৰিকসকলৰ লগতে স্থানীয় ব্যৱসায়ীসকলকো উপকৃত কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে।