ডিমৰীয়া: ডিমৰীয়া সমষ্টিৰ সোণাপুৰৰ চিয়ালকাটি পথাৰৰ কৃষক কেশৱ দে’ই বুধবাৰে দাবী কৰিছে যে, কৃষিমন্ত্ৰী পীযূষ হাজৰিকাক ফেচবুকত অনুৰোধ কৰাৰ ১০ মিনিটৰ ভিতৰতে তেওঁৰ লগত যোগাযোগ কৰি ৮৩টা অইল পামৰ পুলি ঘৰলৈ পঠিয়াই দিয়া হৈছিল।
কেশৱ দে’ই কয়, ১৩ অক্টোবৰত কৃষিমন্ত্ৰীৰ ফেচবুক পেজত অইল পাম খেতিৰ বিষয়ে এটা প’ষ্ট দেখাৰ পিছত তেওঁ মন্তব্য লিখিছিল। প্ৰায় ৫ বিঘা মাটিত অইল পাম খেতি কৰিবলৈ কৃষি বিভাগৰ পৰা পুলি বিচাৰিছিল বুলি তেওঁ জনায়।
তেওঁৰ মতে, পুলি পোৱাৰ পিছত ৩০-৩১ অক্টোবৰত প্ৰায় ৪-৫ বিঘা মাটিত ৮৩টা পুলি ৰোপণ কৰিছে। এই সহায়ৰ বাবে কৃষিমন্ত্ৰীক ধন্যবাদো জনাইছে কৃষকজনে।
অইল পাম খেতি কিমান লাভজনক, সেয়া নিজে কৰি চাবলৈকে তেওঁ এই খেতি আৰম্ভ কৰিছে বুলি কেশৱ দে’ই কয়। কৃষিমন্ত্ৰীয়ে বছৰেকত প্ৰায় ২,০০,০০০ টকাৰ পৰা ২,৫০,০০০ টকালৈ উপাৰ্জন হ’ব পাৰে বুলি কৈছিল বুলিও তেওঁ দাবী কৰে।
পাম গছৰ মাজৰ মাটিত সৰিয়হ খেতি কৰি, পিছত আন খেতিও কৰাৰ পৰিকল্পনা আছে বুলি তেওঁ জনায়। মাটিডৰাৰ সীমাত ৪০০-৫০০টা নেমুৰ পুলি, লগতে আদা আৰু হালধি খেতি কৰাৰ কথাও চিন্তা কৰিছে বুলি কয়।
অইল পাম খেতিয়ে পৰিৱেশ নষ্ট কৰে বা পানী শুকুৱাই পেলায় বুলি চলি থকা প্ৰচাৰ সঁচা নে মিছা, সেয়া নিজৰ মাটিত খেতি কৰিয়েই পৰীক্ষা কৰিব বিচাৰিছে বুলি কেশৱ দে’ই কয়। সফল হ’লে সমষ্টিৰ আন কৃষকেও এই খেতি আঁকোৱালি ল’ব বুলি তেওঁৰ আশা।