ৰঙিয়া, ৪ নৱেম্বৰঃ ‘গণতন্ত্ৰ বচাও, অৰাজকতা হটাও’ শীৰ্ষক এক নাগৰিক সন্মিলন ৰঙিয়াৰ ঐতিহ্যমণ্ডিত হৰদত্ত-বীৰদত্ত ভৱনত অনুষ্ঠিত হয়। ৩১ নং ৰঙিয়া বিধানসভা সমষ্টিৰ উদ্যোগত অনুষ্ঠিত এই সন্মিলনত বৃহত্তৰ ৰঙিয়াৰ কেইবাশতাধিক বিশিষ্ট নাগৰিকে অংশগ্ৰহণ কৰে।
দেশৰ সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতি, গণতান্ত্ৰিক ব্যৱস্থাৰ সুৰক্ষা আৰু অৰাজকতাৰ বিৰুদ্ধে জনমত গঠনৰ উদ্দেশ্যে এই সন্মিলনৰ আয়োজন কৰা হয়।
সন্মিলনত মুখ্য বক্তা হিচাপে উপস্থিত থাকি ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতাই কংগ্ৰেছ আৰু বাওঁপন্থী দলসমূহক তীব্ৰ সমালোচনা কৰে। তেওঁ কয়, “সংবিধানৰ শ্ৰাদ্ধ কৰাসকলেই আজি সংবিধান বচোৱাৰ নাটক কৰি দেশক অস্থিৰ কৰিব বিচাৰিছে।”
ইয়াৰ উপৰি, কেৱল ৰাজপাট দখলৰ স্বাৰ্থত জেন-জি আন্দোলনৰ নাম লৈ একাংশ দেশদ্ৰোহীয়ে দেশখন অস্থিৰ কৰাৰ চেষ্টা চলাইছে বুলিও মন্তব্য কৰে বিধায়কগৰাকীয়ে।
আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থকা বিজেপিৰ কিষাণ মৰ্চাৰ ৰাজ্যিক সভাপতি পংকজ বৰবৰাইও বিৰোধী দলসমূহক সমালোচনা কৰে। তেওঁৰ মতে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশত হোৱা উন্নয়নৰ ফলত বিৰোধী দলসমূহে নিজৰ ৰাজনৈতিক অস্তিত্ব হেৰুওৱাৰ আশংকাত ভুগিছে।
সন্মিলনত আহ্বায়ক প্ৰভাত চৌধুৰীয়ে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে। উল্লেখ্য যে অৱসৰপ্ৰাপ্ত শিক্ষাবিদ প্ৰভাত চৌধুৰী, ৰুণুমী দত্ত ডেকা আৰু জ্যোতিষ কলিতাৰ উদ্যোগত আহ্বায়কমণ্ডলী গঠন কৰি এই নাগৰিক সন্মিলনৰ আয়োজন কৰা হৈছিল।