নতুন দিল্লী, ৬ নৱেম্বৰঃ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত জড়িত চাৰিটা জামিনৰ আবেদনৰ শুনানি অহা ৩০ নৱেম্বৰত গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে। শুকুৰবাৰে, ৬ নৱেম্বৰত শুনানি হোৱাৰ কথা আছিল যদিও সেয়া পিছুৱাই দিয়া হয়।

এই শুনানিত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ জামিনৰ আবেদন গ্ৰহণ কৰা হ’ব। একেদিনাই অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গৰ জামিনৰ বিষয়েও শুনানি হ’ব।

উল্লেখ্য যে, গুৱাহাটী উচ্চ ন্যায়ালয়ে ইতিমধ্যে অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গক জামিন দিছে। কিন্তু অসম চৰকাৰে উচ্চ ন্যায়ালয়ৰ এই সিদ্ধান্তক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে। ১৮ অক্টোবৰত চিআইডিৰ বিশেষ সঞ্চালকপ্ৰধান তথা বিশেষ তদন্তকাৰী দলৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাই এই কথা নিশ্চিত কৰিছিল।

সন্দীপন গাৰ্গ অসম আৰক্ষীৰ নিলম্বিত উপ-আৰক্ষী অধীক্ষক (ডিএছপি) আৰু জুবিন গাৰ্গৰ সম্পৰ্কীয় ভাতৃ। এই গোচৰত তেওঁক বিশেষ তদন্তকাৰী দলে গ্ৰেপ্তাৰ কৰিছিল। আনহাতে, অমৃতপ্ৰভা মহন্তও গোচৰটোৰ এগৰাকী অভিযুক্ত।

নৰ্থ-ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাও এই গোচৰৰ অভিযুক্ত। ইয়াৰ পূৰ্বে শ্যামকানু মহন্তৰ বিৰুদ্ধে গোচৰৰ বিচাৰ সোনকালে আৰু সঠিকভাৱে সম্পন্ন কৰিবলৈ অসম চৰকাৰক নিৰ্দেশ দিছিল উচ্চতম ন্যায়ালয়ে।

গোচৰটোৰ বিচাৰ ফাষ্ট ট্ৰেক আদালতত চলি আছে। ১৮ অক্টোবৰত বিশেষ তদন্তকাৰী দলৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাই জনোৱা মতে, সেই সময়লৈকে আদালতে ১৩৪গৰাকী সাক্ষীৰ সাক্ষ্য গ্ৰহণ কৰিছিল।

উল্লেখ্য যে, ২০২৫ চনৰ ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত সাগৰত সাঁতুৰি থকাৰ সময়তে মৃত্যু হৈছিল জুবিন গাৰ্গৰ। নৰ্থ-ইষ্ট ইণ্ডিয়া ফেষ্টিভেলত অংশ ল’বলৈ তেওঁ ছিংগাপুৰলৈ গৈছিল। পিছদিনা সেই অনুষ্ঠানত তেওঁৰ সংগীত পৰিৱেশন কৰাৰ কথা আছিল।

জুবিনৰ মৃত্যুৰ পিছতে অসমত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। ঘটনাৰ প্ৰকৃত কাৰণ জানিবলৈ নিৰপেক্ষ তদন্তৰ দাবী উঠিছিল। ইয়াৰ পিছতে অসম চৰকাৰে গোচৰটোৰ তদন্তৰ বাবে বিশেষ তদন্তকাৰী দল গঠন কৰে।