গুৱাহাটী, ৬ নৱেম্বৰঃ ঘনকান্ত গগৈৰ আৰক্ষীৰ গুলীত মৃত্যুৰ ঘটনাক লৈ ভুল তথ্য প্ৰচাৰ নকৰিবলৈ সংবাদ মাধ্যমক আহ্বান জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁৰ দাবী, ঘনকান্ত গগৈক আৰক্ষীয়ে হত্যা কৰা নাই। তেওঁ আৰক্ষীলৈ গুলীচালনা কৰাৰ ফলত আৰক্ষীয়ে প্ৰত্যুত্তৰ দিবলগীয়া হৈছিল।

মুখ্যমন্ত্ৰীয়ে কয় যে ঘনকান্ত গগৈৰ মৃত্যুৰ ঘটনাক আৰক্ষীয়ে তেওঁক হত্যা কৰা বুলি প্ৰচাৰ কৰাটো উচিত নহয়। সিদ্ধাৰ্থ শৰ্মা বা শ্যামকানু মহন্তৰ হাততো যদি পিষ্টল থাকিলহেঁতেন আৰু তেওঁলোকে আৰক্ষীলৈ গুলীচালনা কৰিলেহেঁতেন, তেন্তে আৰক্ষীয়ে প্ৰত্যুত্তৰ দিলেহেঁতেন বুলিও মন্তব্য কৰে তেওঁ।

“আমি কাকো মৰা নাই। এইটো ধাৰণা দিব নালাগে যে ঘনকান্ত গগৈক আৰক্ষীয়ে মাৰিছে। আমি কেনেকৈ মাৰিব পাৰোঁ?”, বুলি প্ৰশ্ন কৰে মুখ্যমন্ত্ৰীয়ে।

ঘটনাটোক দুৰ্ভাগ্যজনক মৃত্যু বুলি অভিহিত কৰি শৰ্মাই কয় যে গণতন্ত্ৰত ন্যায় প্ৰদান কৰাৰ অধিকাৰ কেৱল আদালতৰহে আছে। আৰক্ষী বা চৰকাৰে কাৰোবাক দোষী সাব্যস্ত কৰি শাস্তি দিব নোৱাৰে। ঘনকান্ত গগৈৰ মৃত্যুক লৈ চৰকাৰে কোনো ধৰণৰ ন্যায় প্ৰদান কৰা নাই বুলিও তেওঁ স্পষ্ট কৰে।

মুখ্যমন্ত্ৰীৰ মতে, কোনো অভিযুক্তই আৰক্ষীলৈ গুলীচালনা কৰিলে বা পলাবলৈ চেষ্টা কৰিলে আৰক্ষীয়ে নিজৰ কৰ্তব্য অনুসৰি ব্যৱস্থা ল’বলগীয়া হয়। তেওঁ ঘনকান্ত গগৈক এগৰাকী ‘পেছাদাৰী হত্যাকাৰী’ বুলি উল্লেখ কৰি কয় যে তেওঁৰ আচৰণ আন ধৰণৰ হোৱা উচিত আছিল।

আৰক্ষীৰ তাৎক্ষণিক ন্যায় প্ৰদানৰ অধিকাৰ নাই বুলি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞাই পূৰ্বে কৰা মন্তব্যৰ কথাও উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে। তেওঁ কয় যে আৰক্ষীয়ে নিজে ন্যায় প্ৰদান কৰিবলৈ গ’লে আৰক্ষীৰ বিৰুদ্ধে ব্যৱস্থা ল’বলগীয়া হ’ব পাৰে।

ইফালে, ঘনকান্ত গগৈৰ মৃত্যুৰ ঘটনাত ইতিমধ্যে দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰা হৈছে বুলি জনায় মুখ্যমন্ত্ৰীয়ে। তেওঁ কয় যে প্ৰতিটো এনে ঘটনাৰ তদন্ত কৰা হয় আৰু এই ঘটনাৰো তদন্ত হ’ব।

সংবাদ মাধ্যমক উদ্দেশ্যি মুখ্যমন্ত্ৰীয়ে পুনৰ কয় যে ঘটনাটোক আৰক্ষীয়ে হত্যা কৰা বুলি একপক্ষীয়ভাৱে প্ৰচাৰ কৰা উচিত নহয়। তদন্তৰ পাছতহে ঘটনাৰ সকলো দিশ স্পষ্ট হ’ব।