গুৱাহাটী, ৬ নৱেম্বৰঃ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ এগৰাকী সাক্ষীক লৈ বিস্ফোৰক মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীৰ দাবী, জুবিনৰ মৃত্যুৰ ন্যায় বিচাৰি গঢ়ি উঠা আন্দোলনৰ নেতৃত্ব দিয়া এগৰাকী সাংস্কৃতিক জগতৰ ব্যক্তিয়ে আদালতত সাক্ষ্য প্ৰদান কৰি জুবিনৰো ভুল আছিল বুলি উল্লেখ কৰিছে।

মুখ্যমন্ত্ৰীয়ে কয় যে তেওঁ এগৰাকী সাক্ষীৰ কথা ক’ব বিচাৰে, যিগৰাকীয়ে সমগ্ৰ আন্দোলনটোৰ নেতৃত্ব দিছিল। তেওঁৰ মতে, সেই ব্যক্তিগৰাকীয়ে কেইদিনমান পূৰ্বে আদালতত সাক্ষ্য প্ৰদান কৰিছিল আৰু সাক্ষ্যত জুবিনৰো ভুল আছিল বুলি কৈছিল।

হিমন্ত বিশ্ব শৰ্মাই লগতে দাবী কৰে যে সাংস্কৃতিক জগতৰ সেই ব্যক্তিগৰাকীয়ে আন্দোলনটোৰ এগৰাকী গুৰুত্বপূৰ্ণ নেতা হিচাপে ভূমিকা পালন কৰিছিল। আন্দোলনৰ সময়ত তেওঁৰ বক্তব্য আৰু সাক্ষাৎকাৰো যথেষ্ট প্ৰচাৰ হৈছিল বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে।

মুখ্যমন্ত্ৰীয়ে কয়, “টিভিত সাক্ষীয়ে এটা কথা কয়, কিন্তু আদালতত বেলেগ কথা কৈছে।” তেওঁ এই বক্তব্য আদালতৰ নথিৰ আধাৰত দিয়া বুলি দাবী কৰে।

তেওঁ লগতে কয় যে গোচৰৰ ৰায়দানৰ পিছত সাক্ষীসকলৰ নাম আৰু তেওঁলোকে দিয়া বক্তব্য ৰাজহুৱা হ’ব। তেতিয়া অসমৰ ৰাইজে নিজেই বিষয়টো পৰীক্ষা কৰিব পাৰিব।

মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত এডভোকেট জেনেৰেলে তেওঁক পুৱা অৱগত কৰা বুলিও উল্লেখ কৰে। অৱশ্যে তেওঁ সাক্ষীগৰাকীৰ নাম প্ৰকাশ কৰা নাই।

উল্লেখ্য যে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক কেন্দ্ৰ কৰি অসমত ব্যাপক প্ৰতিবাদ আৰু ন্যায়ৰ দাবীত আন্দোলন গঢ়ি উঠিছিল। মুখ্যমন্ত্ৰীৰ শেহতীয়া মন্তব্যই গোচৰৰ সাক্ষ্য আৰু আন্দোলনৰ সময়ত বিভিন্ন ব্যক্তিয়ে দিয়া ৰাজহুৱা বক্তব্যৰ মাজৰ পাৰ্থক্যক লৈ নতুন চৰ্চাৰ সৃষ্টি কৰিছে।