৫ জনক গুলীয়াই হত্যা অসমৰ আইন-শৃংখলাৰ ভয়াৱহ ছবি: অখিল গগৈ
গুৱাহাটী: মঙলবাৰে বিধায়ক অখিল গগৈয়ে গুৱাহাটীত এজন লোকে পিষ্টলেৰে ৫ জনক গুলীয়াই হত্যা কৰাৰ ঘটনাই অসমৰ আইন-শৃংখলা পৰিস্থিতিৰ ভয়াৱহ ৰূপ উদঙাই দিছে বুলি অভিযোগ কৰে। তেওঁৰ মতে, এই ঘটনাই ৰাজ্যখনত আইন-শৃংখলা পৰিস্থিতি অতি বেয়া হোৱাটো প্ৰমাণ কৰিছে। ৰাজ্যত চৰকাৰৰ অস্তিত্বই যেন নাথাকে বুলিও তেওঁ কটাক্ষ কৰে। চৰকাৰে সদায় এনকাউণ্টাৰৰ কথা কয়...