শিৱসাগৰ: এটা পাত্ৰ, একেখিনি পানী আৰু এটা মাছ। এই ব্যতিক্ৰমী দাবীক লৈ এতিয়া চৰ্চা চলিছে শিৱসাগৰৰ এখন গাঁৱত। মাছটোৰ গৰাকীৰ দাবী অনুসৰি, ১৩ মাহৰো অধিক সময় ধৰি মাছটো একেটা পাত্ৰৰ একেখিনি পানীতে জীয়াই আছে।
প্ৰতিবেদন অনুসৰি, জুবিন গাৰ্গৰ মৃত্যুৰ দিনটোৰ পৰাই মাছটো একেখিনি পানীতে ৰখা হৈছে। সময় পাৰ হোৱাৰ লগে লগে মাছটোক লৈ গৰাকীৰ দাবীয়ে অঞ্চলটোত চৰ্চা লাভ কৰিছে।
ইয়াতেই শেষ নহয়। মাছটোৰ গৰাকীয়ে আন এক ব্যতিক্ৰমী দাবীও কৰিছে। তেওঁৰ মতে, জুবিন গাৰ্গৰ গীত বজালেই মাছটো সম্পূৰ্ণ স্থিৰ হৈ পৰে।
মাছটোৰ এই আচৰণ আৰু একেখিনি পানীতে ইমান দিন জীয়াই থকাৰ দাবীয়ে স্থানীয় লোকৰ মাজত কৌতূহলৰ সৃষ্টি কৰিছে।