গুৱাহাটী, ৮ নৱেম্বৰ: ৰাভা, মিচিং, তিৱা, দেউৰী, ডিমাছা, কাৰ্বি আদি ভাষাৰ বাবে বিশেষ টেট পৰীক্ষা অনুষ্ঠিত কৰি প্ৰতিখন বিদ্যালয়ত কমেও ২ জনকৈ জনজাতীয় ভাষাৰ শিক্ষক শীঘ্ৰে নিযুক্তি দিয়াৰ দাবী জনাইছে খিলঞ্জীয়া জনজাতীয় সাহিত্য সভা, অসমে।

পল্টনবজাৰস্থিত জনজাতি জিৰণী চ'ৰাত সংগঠনটোৰ সভাপতি গোবিন্দ টাইডৰ সভাপতিত্বত অনুষ্ঠিত বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত এই দাবী উত্থাপন কৰা হয়। ৰাষ্ট্ৰীয় শিক্ষা নীতি, ২০২০ অনুসৰি ইতিমধ্যে মাধ্যম প্ৰৱৰ্তন কৰা ভাষাসমূহৰ বাবে সময়মতে পাঠ্যপুথি প্ৰকাশ কৰি যোগান ধৰাৰ দাবীও জনোৱা হয়।

সভাত বড়ো ভাষাৰ মাধ্যম দ্বাদশ শ্ৰেণীলৈ আৰু গাৰো ভাষাৰ মাধ্যম দশম শ্ৰেণীলৈ উন্নীতকৰণৰ ব্যৱস্থা গ্ৰহণৰ লগতে খিলঞ্জীয়া জনজাতীয় সাহিত্য সভা, অসমৰ নামত ইতিপূৰ্বে প্ৰস্তাৱিত মাটি আৱণ্টন দিয়াৰ দাবী জনোৱা হয়।

অহা ২০২৭ চনৰ এপ্ৰিল মাহৰ ভিতৰত ইটছাৰ সাধাৰণ সভা অনুষ্ঠিত কৰাৰ সিদ্ধান্তও সভাই গ্ৰহণ কৰে। সেই সভাতে বড়ো, ৰাভা, মিচিং, তিৱা, গাৰো, কাৰ্বি, দেউৰী, ডিমাছা, ইংৰাজী, অসমীয়া আৰু হিন্দী—মুঠ ১১টা ভাষাৰ বহুভাষিক অভিধান উন্মোচন কৰা হ'ব।

সভাত সংগঠনটোৰ ৰূপকাৰ তথা বিশিষ্ট সাহিত্যিক প্ৰয়াত কমলাকান্ত মোছাহাৰীৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি এক মিনিটৰ মৌন প্ৰাৰ্থনাৰে শোক প্ৰস্তাৱ গ্ৰহণ কৰা হয়। আনহাতে, ইটছাৰ সম্পাদক যোগেশ্বৰ বৰদলৈক সংগঠনটোৰ ভাৰপ্ৰাপ্ত সম্পাদক প্ৰধানৰ দায়িত্ব অৰ্পণ কৰা হয়।