হাইলাকান্দি: সাধাৰণতে নিশাৰ ভাগত অনুষ্ঠিত হয় কালী পূজা। কিন্তু হাইলাকান্দিৰ এখন ঐতিহ্যমণ্ডিত মন্দিৰত এই পৰম্পৰাৰ কিছু ব্যতিক্ৰম দেখা যায়। ইয়াত নিশাৰ পৰিৱৰ্তে দিনৰ ভাগতেই অনুষ্ঠিত কৰা হয় মা কালীৰ পূজা।

হাইলাকান্দি জিলাৰ ঐতিহ্যমণ্ডিত মৃত্যুনাশিনী কালী মন্দিৰত প্ৰচলিত এই বিশেষ পৰম্পৰাই মন্দিৰখনক এক সুকীয়া পৰিচয় প্ৰদান কৰিছে। আন বহু স্থানত নিশাৰ ভাগত কালী পূজাৰ আয়োজন কৰা হয় যদিও এই মন্দিৰত দিনতেই ভক্তসকলে মা কালীৰ আৰাধনা কৰে।

দিনৰ ভাগত কালী পূজা অনুষ্ঠিত কৰাৰ এই ব্যতিক্ৰমী পৰম্পৰাক লৈ মন্দিৰখনৰ বিশেষ পৰিচয় গঢ় লৈ উঠিছে।