মাজুলী, ৯ নৱেম্বৰ: উজনি মাজুলীৰ নতুন বজাৰত দেৱালীৰ নিশা প্ৰায় ১১ বজাত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত ৭টা ভাড়াৰ কোঠা সম্পূৰ্ণৰূপে ভস্মীভূত হয়। এই ঘটনাত ২০ লাখ টকাৰো অধিক মূল্যৰ সম্পত্তি নষ্ট হোৱা বুলি অনুমান কৰা হৈছে।

নতুন বজাৰ নিবাসী গণেশ দেৰ বাসগৃহত থকা ভাড়াৰ কোঠাকেইটাত জুই লাগে। কোঠাসমূহত থকা ভাড়াতীয়া লোকসকলৰ খোৱা-বোৱাৰ সামগ্ৰী, কাপোৰ-কানি, নগদ ধন আৰু প্ৰয়োজনীয় নথি-পত্ৰ জুইত পুৰি যায়। এখন স্কুটীও সম্পূৰ্ণৰূপে জ্বলি ছাই হয়।

হঠাতে সংঘটিত অগ্নিকাণ্ডত ভাড়াৰ কোঠাকেইটাত বাস কৰা লোকসকল সৰ্বস্বান্ত হৈ পৰে। অগ্নিকাণ্ডৰ সঠিক কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। অৱশ্যে ওচৰ-পাজৰত ফটকা বা আতচবাজী ফুটোৱাৰ পৰা ওলোৱা ফিৰিঙতিৰ ফলতে জুইৰ সূত্ৰপাত হোৱা বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে।

জুই ক্ৰমাৎ ভয়াৱহ ৰূপ ধাৰণ কৰাত স্থানীয় ৰাইজে সাহসিকতাৰে নিজাববীয়াকৈ জুই নিয়ন্ত্ৰণৰ চেষ্টা চলায়। ৰাইজৰ সহযোগিতাত জুই সম্পূৰ্ণৰূপে নিৰ্বাপণ কৰা সম্ভৱ হয়।

জুই নুমুৱাৰ পাছতহে অগ্নিনিৰ্বাপক বাহিনীৰ দল ঘটনাস্থলীত উপস্থিত হোৱা বুলি অভিযোগ উঠিছে। জেংৰাইমুখত থকা অগ্নিনিৰ্বাপক বাহিনীৰ কাৰ্যালয়ৰ পৰা নতুন বজাৰলৈ দূৰত্ব বেছি হোৱাৰ বাবেই দলটো উপস্থিত হোৱাত পলম হয় বুলি জানিব পৰা গৈছে। ভৱিষ্যতে এনে দুৰ্ঘটনা প্ৰতিৰোধৰ বাবে নতুন বজাৰত শীঘ্ৰে স্থায়ী অগ্নিনিৰ্বাপক উপ-কেন্দ্ৰ বা কাৰ্যালয় স্থাপনৰ দাবী জনাইছে স্থানীয় ৰাইজে।