বৰপেটা, ১০ নৱেম্বৰ: এজন লোকৰ বেংক একাউণ্টৰ পৰা ভুৱা অনলাইন লেনদেনৰ জৰিয়তে ৯৯ হাজাৰ টকা উলিওৱাৰ অভিযোগত বৰপেটা আৰক্ষীয়ে তিনিজন লোকক গ্ৰেপ্তাৰ কৰিছে।
ধৃত লোককেইজনক হামিদুল খান, মজিদুৰ ৰহমান আৰু মুজাম্মিল বুলি চিনাক্ত কৰা হৈছে। আটাইকেইজন বৰপেটা আৰক্ষী থানাৰ অন্তৰ্গত বিভিন্ন অঞ্চলৰ বাসিন্দা।
বৰপেটাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (অপৰাধ) সমীৰণ বৈশ্যই জনোৱা মতে, দিগন্ত দাস নামৰ লোকজনে তেওঁৰ বেংক একাউণ্টৰ পৰা অনুমতি অবিহনে ৯৯ হাজাৰ টকা উলিওৱা হোৱা বুলি ই-মেইলযোগে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিছিল।
অভিযোগৰ ভিত্তিত বৰপেটা আৰক্ষীয়ে ৪৪১/২৬ নম্বৰৰ গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে। তদন্তৰ সময়ত প্ৰযুক্তিগত তথ্যৰ সহায়ত বৰপেটা আৰক্ষী থানাৰ অন্তৰ্গত বিভিন্ন অঞ্চলৰ পৰা তিনিজন সন্দেহযুক্ত লোকক চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰা হয়।
অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যই জানিবলৈ দিয়া মতে, জেৰাৰ সময়ত ধৃত লোককেইজনে প্ৰৱঞ্চনামূলক পদ্ধতিৰে অভিযোগকাৰীৰ একাউণ্টৰ পৰা ধন উলিওৱাৰ কথা স্বীকাৰ কৰিছে বুলি আৰক্ষীয়ে দাবী কৰিছে। বৰ্তমান তিনিওজন আৰক্ষীৰ জিম্মাত আছে। এই প্ৰৱঞ্চনাৰ সৈতে জড়িত আন লোকসকলক চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
ইফালে, অচিনাকি লোকক আধাৰ কাৰ্ড, পেন কাৰ্ড বা আন কোনো ব্যক্তিগত পৰিচয়-পত্ৰ পৰীক্ষা নকৰাকৈ প্ৰদান নকৰিবলৈ আৰক্ষীয়ে জনসাধাৰণক আহ্বান জনাইছে। আৰক্ষীৰ মতে, চাইবাৰ অপৰাধীয়ে এনে পৰিচয়-পত্ৰ সংগ্ৰহ কৰি বেংক একাউণ্ট খোলাৰ লগতে অবৈধ বিত্তীয় লেনদেনত ব্যৱহাৰ কৰিব পাৰে। সেয়েহে ব্যক্তিগত তথ্য আৰু বেংকিং-সম্পৰ্কীয় তথ্যৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিবলৈও ৰাইজক আহ্বান জনাইছে আৰক্ষীয়ে।