ধেমাজি: মিচিং আৰু সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ আজি অন্তিম দিন। অন্তিম দিনটোত ধেমাজি জিলা সংহত আয়ুক্তৰ কাৰ্যালয়ত প্ৰাৰ্থিত্বপ্ৰত্যাশী আৰু সমৰ্থকসকলৰ ব্যাপক ভিৰ পৰিলক্ষিত হৈছে।

দুয়োখন পৰিষদৰ প্ৰাৰ্থীসকলে সমৰ্থকসকলক লগত লৈ উপস্থিত হৈ মনোনয়ন পত্ৰ দাখিল কৰিছে। মনোনয়ন দাখিলৰ অন্তিম দিনটোত ধেমাজিত নিৰ্বাচনী তৎপৰতা তুংগত উঠিছে।

১২ নৱেম্বৰত মনোনয়ন পত্ৰ পৰীক্ষা কৰা হ'ব। প্ৰাৰ্থিত্ব প্ৰত্যাহাৰৰ অন্তিম দিন ১৬ নৱেম্বৰ। ৩০ নৱেম্বৰত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব আৰু ৩ ডিচেম্বৰত ভোটগণনা হ'ব।

মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুঠ আসন ৪০খন। ইয়াৰে ধেমাজি জিলাত ১৭টা সমষ্টি আছে আৰু এই সমষ্টিসমূহত মুঠ ভোটাৰৰ সংখ্যা ২ লাখ ৪৫ হাজাৰ ২১৯গৰাকী।

সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুঠ আসন ৩২খন। ধেমাজি জিলাত ইয়াৰ ৫টা সমষ্টি আছে। এই ৫টা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ২২ হাজাৰ ৪২৩গৰাকী।