গুৱাহাটী, ১০ নৱেম্বৰ: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত ৰাজ্যিক কেবিনেট বৈঠকত আয়ুষ্মান অসম আঁচনিৰ বাবে ২০০ কোটি টকা অনুমোদনকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

কেবিনেট বৈঠকৰ পাছত মুখ্যমন্ত্ৰীয়ে জনায় যে আয়ুষ্মান ভাৰত আঁচনিৰ অধীনত প্ৰায় ৩০ লাখ পৰিয়ালে কেন্দ্ৰীয় চৰকাৰৰ পৰা সুবিধা লাভ কৰে। আন প্ৰায় ৪০ লাখ পৰিয়ালৰ বাবে ৰাজ্য চৰকাৰে ব্যয় বহন কৰে। এই উদ্দেশ্যে ৰাজ্য চৰকাৰৰ অংশ হিচাপে ২০০ কোটি টকা কেবিনেটে অনুমোদন জনাইছে।

সমগ্ৰ শিক্ষা অভিযানৰ অধীনত কৰ্মৰত বিষয়া, কৰ্মচাৰী আৰু শিক্ষকসকলৰ কৰ্মৰত অৱস্থাত মৃত্যু হ’লে পৰিয়ালক প্ৰদান কৰা এককালীন সাহায্য ৫ লাখ টকাৰ পৰা ৭.৫০ লাখ টকালৈ বৃদ্ধি কৰা হৈছে।

বিদ্যালয়ৰ শিক্ষণ-শিকন সামগ্ৰী প্ৰস্তুতৰ ক্ষেত্ৰতো কেবিনেটে নতুন সিদ্ধান্ত গ্ৰহণ কৰিছে। এতিয়াৰে পৰা ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটীৰ গৱেষণা উদ্যানৰ সৈতে যৌথভাৱে এই সামগ্ৰীসমূহ বিকাশ কৰা হ’ব। প্ৰাথমিক শ্ৰেণীৰ শিক্ষাৰ্থীক গণিত, জ্যামিতি আৰু ইংৰাজী শিকাত সহায়ক সামগ্ৰী প্ৰস্তুত কৰি বিদ্যালয়সমূহলৈ যোগান ধৰাৰ লক্ষ্য লোৱা হৈছে।

মহাবিদ্যালয়সমূহৰ মাচুল ৰেহাই আঁচনিৰ বিপৰীতে কেবিনেটে ১০৮ কোটি টকা অনুমোদন কৰিছে। নিৰ্দিষ্ট আয়সীমাৰ ভিতৰত থকা শিক্ষাৰ্থীসকলে নামভৰ্তিৰ মাচুল ৰেহাই লাভ কৰে যদিও সেই ধনৰ বিপৰীতে ৰাজ্য চৰকাৰে মহাবিদ্যালয়সমূহক পুঁজি প্ৰদান কৰে। অনুমোদিত ধন পোনপটীয়াকৈ মহাবিদ্যালয়সমূহক দিয়া হ’ব।

গুৱাহাটীৰ কৃষ্ণকান্ত সন্দিকৈ সংস্কৃত মহাবিদ্যালয় ভাস্কৰ বৰ্মা সংস্কৃত বিশ্ববিদ্যালয়ৰ সৈতে একত্ৰিত কৰা হ’ব। মহাবিদ্যালয়খনত বৰ্তমান মাত্ৰ ৬৫গৰাকী শিক্ষাৰ্থী আছে বুলি মুখ্যমন্ত্ৰীয়ে জনায়। একত্ৰীকৰণৰ পাছত প্ৰতিষ্ঠানখনৰ শৈক্ষিক কাৰ্যকলাপ নলবাৰীস্থিত বিশ্ববিদ্যালয়লৈ স্থানান্তৰ কৰা হ’ব। বৰ্তমানৰ শিক্ষাৰ্থীসকলে বিশ্ববিদ্যালয়ত নামভৰ্তিৰ সুবিধা পাব আৰু মহাবিদ্যালয়খনৰ অধ্যাপকসকল বিশ্ববিদ্যালয়ৰ অধ্যাপক হিচাপে অন্তৰ্ভুক্ত হ’ব। কৃষ্ণকান্ত সন্দিকৈৰ নামত আন এটা শিক্ষানুষ্ঠানৰ নামকৰণ কৰা হ’ব বুলিও তেওঁ কয়।

পাঞ্জাবাৰীৰ পুৰবী ডেইৰীৰ উদ্যোগৰ পৰা বিষাক্ত গেছ নিৰ্গত হোৱাৰ অভিযোগ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে বিষয়টো সম্পৰ্কে অৱগত নহয় বুলি কয়। পাঞ্জাবাৰী অঞ্চলত দুৰ্গন্ধৰ বাবে অসুবিধা হোৱাৰ অভিযোগৰ পৰিপ্ৰেক্ষিতত দূষণ নিয়ন্ত্ৰণ পৰিষদক ঘটনাটো পৰীক্ষা কৰিবলৈ নিৰ্দেশ দিয়া হ’ব বুলি তেওঁ জনায়।

ইয়াৰ উপৰি, ২৯ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া ড° ভূপেন হাজৰিকাৰ অনুষ্ঠানৰ প্ৰস্তুতি সন্দৰ্ভতো পৰৱৰ্তী কেবিনেট বৈঠকত পৰ্যালোচনা কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে।