গুৱাহাটী: মহানগৰীৰ ফাঁচীবজাৰত পদপথৰ এজন অসমীয়া যুৱ ব্যৱসায়ীক দোকানৰ ভিতৰত আবদ্ধ কৰি প্ৰহাৰ কৰাৰ লগতে ছুৰীকাঘাত কৰাৰ অভিযোগ উঠিছে।

ফাঁচীবজাৰস্থিত ‘বম্বে বিউটি বজাৰ’ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ স্বত্বাধিকাৰী আৰু কৰ্মচাৰীৰ বিৰুদ্ধে এই অভিযোগ উত্থাপিত হৈছে। অভিযুক্তসকল দিল্লীৰ পৰা অহা বহিৰাগত ব্যৱসায়ী বুলি অভিযোগ কৰা হৈছে।

অভিযোগ অনুসৰি, নিশা পদপথত ব্যৱসায় কৰি থকা যুৱকজনক বলপূৰ্বকভাৱে দোকানখনৰ ভিতৰলৈ টানি নিয়া হয়। তাৰ পাছত মালিকসহ পাঁচজনীয়া এটা দলে তেওঁক উপৰ্যুপৰি প্ৰহাৰ কৰাৰ লগতে ছুৰীকাঘাত কৰে বুলি অভিযোগ উঠিছে।

ঘটনাক কেন্দ্ৰ কৰি ফাঁচীবজাৰ অঞ্চলত উত্তেজনাৰ সৃষ্টি হয়। খবৰ পোৱাৰ পাছতে পাণবজাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। আৰক্ষীয়ে অভিযুক্তসকলক কৰায়ত্ত কৰাৰ লগতে গুৰুতৰভাৱে আহত যুৱকজনক উদ্ধাৰ কৰি চিকিৎসাৰ বাবে হাস্পতাললৈ প্ৰেৰণ কৰে বুলি জানিব পৰা গৈছে।