গুৱাহাটী, ১৪ নৱেম্বৰ: কাজিৰঙাৰ ৰঙাজানত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাটোৰ প্ৰকৃত কাৰণ এতিয়াও নিশ্চিত হোৱা নাই বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জনায়। চালকজনৰ হাৰ্ট এটেক, ষ্ট্ৰোক অথবা হঠাৎ তেজত শৰ্কৰাৰ মাত্ৰা হ্ৰাস পোৱাৰ ফলত বাহনখনৰ ওপৰত নিয়ন্ত্ৰণ হেৰাইছিল নেকি, সেই দিশো তদন্ত কৰা হ’ব।
দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, দুৰ্ঘটনাৰ সময়ত ট্ৰেভেলাৰখন ঘণ্টাত ১০০ কিলোমিটাৰতকৈ অধিক বেগত চলি আছিল। অথচ কাজিৰঙা এলেকাত বাহনৰ গতিবেগ ঘণ্টাত ৪০ কিলোমিটাৰলৈ সীমিত ৰখাৰ নিয়ম আছে। সাধাৰণতে কাজিৰঙাৰ সীমাত প্ৰৱেশ কৰাৰ লগে লগে চালকসকলে স্বেচ্ছাই বাহনৰ গতি কমাই দিয়ে।
তেওঁৰ মতে, দুৰ্ঘটনাৰ ভিডিঅ’ত ট্ৰেভেলাৰখন পোনে পোনে আহি নিয়ন্ত্ৰণ হেৰুৱাই পেলোৱা দেখা গৈছে। বাহনখনে আন এখন গাড়ীক অতিক্ৰম কৰিবলৈ যাওঁতে সংঘৰ্ষত লিপ্ত হোৱা বা আন বাহনৰ সৈতে সংঘাতৰ ফলত দুৰ্ঘটনা সংঘটিত হোৱাৰ কোনো স্পষ্ট লক্ষণ ভিডিঅ’ত দেখা পোৱা নাই। আন বাহনৰ সৈতে সংঘৰ্ষ নহ’লেও ট্ৰেভেলাৰখন পথৰ কাষত বাগৰি পৰাৰ সম্ভাৱনা আছিল বুলিও তেওঁ মন্তব্য কৰে।
চিকিৎসক তথা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱেও প্ৰাথমিক পৰ্যবেক্ষণৰ ভিত্তিত চালকজনৰ হাৰ্ট এটেক বা ষ্ট্ৰোক হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছিল বুলি মুখ্যমন্ত্ৰীয়ে কয়। আন এখন ট্ৰেভেলাৰৰ চালকৰ ভাষ্য অনুসৰি, দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ চালকজনৰ পূৰ্বৰে পৰা তেজত শৰ্কৰাৰ মাত্ৰা কমি যোৱাৰ সমস্যা আছিল।
চালকজনৰ স্বাস্থ্যজনিত অৱস্থা সন্দৰ্ভত নিশ্চিত তথ্য লাভৰ বাবে বিশেষজ্ঞ চিকিৎসকৰ দ্বাৰা মৰণোত্তৰ পৰীক্ষা কৰোৱাৰ ব্যৱস্থা কৰা হৈছে। ৰাগীয়াল দ্ৰব্য সেৱন, বাহনখনৰ কাৰিকৰী বিজুতি আৰু স্বাস্থ্যজনিত সমস্যাকে ধৰি সকলো সম্ভাৱ্য দিশ পৰীক্ষা কৰা হ’ব বুলি তেওঁ জনায়।
ট্ৰেভেলাৰখনত অনুমোদিত আসনৰ তুলনাত অধিক যাত্ৰী কঢ়িওৱা হৈছিল বুলিও মুখ্যমন্ত্ৰীয়ে অভিযোগ কৰে। বাহনখনত প্ৰায় ৪১গৰাকী যাত্ৰী আছিল বুলি জানিব পৰা গৈছে। বাহনৰ মালিকসকলে অধিক বেগত গাড়ী চলোৱা আৰু অধিক যাত্ৰী কঢ়িওৱাৰ বাবে চালকসকলৰ ওপৰত হেঁচা প্ৰয়োগ কৰাৰ অভিযোগো তেওঁ উত্থাপন কৰে। বেংকৰ ঋণৰ কিস্তি পৰিশোধৰ অজুহাত দেখুৱাই চালকসকলক অধিক যাত্ৰী কঢ়িয়াবলৈ বাধ্য কৰোৱাৰ কথাও তেওঁ উল্লেখ কৰে।
ৰাজ্যৰ বহু বাহনত গতিনিয়ন্ত্ৰক ব্যৱস্থা সংস্থাপন কৰা থাকিলেও কিছুমান ক্ষেত্ৰত তাৰ তাঁৰ বিচ্ছিন্ন কৰি ব্যৱস্থাটো নিষ্ক্ৰিয় কৰি দিয়াৰ অভিযোগ আছে বুলি মুখ্যমন্ত্ৰীয়ে কয়। পথ দুৰ্ঘটনাত মৃত্যুৰ হাৰ বৃদ্ধিৰ প্ৰতি উদ্বেগ প্ৰকাশ কৰি তেওঁ অত্যধিক গতি, অতিৰিক্ত যাত্ৰী কঢ়িওৱা, সুৰাপান কৰি গাড়ী চলোৱা আৰু গতিসীমা উলংঘাৰ বিৰুদ্ধে যান-বাহন আইন কঠোৰভাৱে বলৱৎ কৰাৰ পোষকতা কৰে। এই ক্ষেত্ৰত চৰকাৰক ৰাইজৰ সহযোগিতা আগবঢ়াবলৈও তেওঁ আহ্বান জনায়।