কেন্দ্ৰুগুৰী, ১৪ নৱেম্বৰ: দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মজয়ন্তী উপলক্ষে দেশজুৰি শিশু দিৱস পালন কৰা হয়। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নগাঁও জিলাৰ জুৰীয়াৰ কেন্দ্ৰুগুৰীতো বৰ্ণাঢ্য কাৰ্যসূচীৰে দিৱসটি উদযাপন কৰা হয়।
কেন্দ্ৰুগুৰীস্থিত টেলেন্ট একাডেমী চিনিয়ৰ চেকেণ্ডাৰী স্কুলত ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলৰ উপস্থিতিত ৰাতিপুৱাই এক আকৰ্ষণীয় সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়।
শিশু শিক্ষাৰ অধিকাৰ, শিশুৰ সুৰক্ষা আৰু সমাজৰ অনিষ্টকাৰী বাল্যবিবাহ বন্ধ কৰাৰ বাবে সজাগতা সৃষ্টিৰ উদ্দেশ্যে ছাত্ৰ-ছাত্ৰীসকলে হাতে হাতে প্লেকাৰ্ড লৈ বিভিন্ন শ্লোগানেৰে আকাশ-বতাহ মুখৰিত কৰি তোলে। শোভাযাত্ৰাই স্থানীয় ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰাৰ লগতে সমাজলৈ সজাগতাৰ বাৰ্তা প্ৰেৰণ কৰে।
পণ্ডিত জৱাহৰলাল নেহৰুৰ আদৰ্শৰে উজ্জীৱিত হৈ ভৱিষ্যৎ প্ৰজন্মই দেশৰ দায়িত্বশীল নাগৰিক হৈ উঠাৰ পণ লয়। বিদ্যালয়খনত দিনজোৰা কাৰ্যসূচীৰে শিশু দিৱস উদযাপন কৰা হয়।