গুৱাহাটী, ১৪ নৱেম্বৰ: মহানগৰ আৰক্ষীৰ সীমান্ত শাখাই চলোৱা অভিযানত বাংলাদেশী নাগৰিকক অবৈধভাৱে সৰবৰাহ আৰু আশ্ৰয় দিয়াৰ অভিযোগত চাৰিজন লোকক গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ হোৱা লোকসকলৰ ভিতৰত দুজন কেব চালক আৰু দুটা হোটেলৰ দুজন মেনেজাৰ আছে।

আৰক্ষীৰ অভিযোগ অনুসৰি, অধিক ধন উপাৰ্জনৰ লোভত কেব চালক কৰণ সোণোৱাল আৰু বিপুল চেতিয়াই মেঘালয় সীমান্তৰ পৰা বাংলাদেশী নাগৰিকক গুৱাহাটীলৈ কঢ়িয়াই আনিছিল।

বাংলাদেশী নাগৰিকক হোটেলত আশ্ৰয় দিয়াৰ অভিযোগত সঞ্জীৱ হাজৰিকা আৰু লাচিত গগৈ নামৰ দুজন হোটেল মেনেজাৰকো গ্ৰেপ্তাৰ কৰা হৈছে।

খানাপাৰাৰ ‘হোটেল মেঘালয়’ত বাংলাদেশী নাগৰিকক আশ্ৰয় দিয়া হৈছিল বুলি অভিযোগ উত্থাপন হৈছে। এই ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগতে হোটেলখনৰ মেনেজাৰ দুজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

উল্লেখ্য যে, যোৱা ১৮ অক্টোবৰত মহানগৰ আৰক্ষীয়ে ১৩জন বাংলাদেশী নাগৰিকক আটক কৰিছিল। তেওঁলোকক জেৰা কৰাৰ পিছতে বাংলাদেশী নাগৰিকৰ সৰবৰাহ আৰু আশ্ৰয় প্ৰদানৰ সৈতে জড়িত এই তথ্যসমূহ পোহৰলৈ অহা বুলি জানিব পৰা গৈছে।

ধনৰ বিনিময়ত কেনেদৰে একাংশ লোকে বাংলাদেশী নাগৰিকক সীমান্তৰ পৰা গুৱাহাটীলৈ সৰবৰাহ কৰি বিভিন্ন স্থানত আশ্ৰয় প্ৰদান কৰিছিল, সেই সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে।