জামুগুৰিহাট, ১৫ নৱেম্বৰ: ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ জামুগুৰিহাটতো ছট পূজা উৎসৱ উদযাপন কৰা হৈছে।
জামুগুৰিহাটৰ তৌভঙাৰ নবিল বহিমৰা ঘাটত আদৰ্শ নৱযুৱক ছট পূজা উদযাপন সমিতিৰ উদ্যোগত ১৫ আৰু ১৬ নৱেম্বৰত দুদিনীয়াকৈ ৪৪সংখ্যক ছট পূজা উৎসৱ উদযাপন কৰা হৈছে।
পূজা উৎসৱত অঞ্চলটোৰ কেইবাশতাধিক বিহাৰী সম্প্ৰদায়ৰ ধৰ্মপ্ৰাণ লোক আৰু মহিলাই অংশগ্ৰহণ কৰিছে।
উদযাপন সমিতিয়ে জনোৱা মতে, ছট পূজা সূৰ্য দেৱতা আৰু উষা তথা ছটী মা বা ষষ্ঠী দেৱীৰ প্ৰতি উৎসৰ্গিত এক প্ৰাচীন হিন্দু লোকউৎসৱ আৰু বৈদিক পৰম্পৰা। অসমৰ লগতে দেশৰ বিভিন্ন ঠাইত বিশেষকৈ বিহাৰী সম্প্ৰদায়ৰ লোকসকলে এই উৎসৱ পালন কৰে।
প্ৰতি বছৰে কাতি মাহৰ শুক্ল পক্ষৰ ষষ্ঠী তিথিত পালন কৰা কাৰ্তিক ছট চাৰিদিনীয়া উৎসৱ। এই পূজাত ঠেকুৱা পিঠা, ফলমূল আৰু কেঁচা বাঁহৰ দালি বিশেষভাৱে ব্যৱহাৰ কৰা হয়।