ৰূপাই চাইডিং: অসম সাহিত্য সভাৰ উদ্যোগত অনুষ্ঠিত তিনিদিনীয়া কেন্দ্ৰীয় কুঁহি অনুষ্ঠানৰ সামৰণি পৰে। শিশু দিৱস উপলক্ষে ১৩ নৱেম্বৰৰ পৰা ৰূপাই শতদল শাখা সাহিত্য সভাৰ প্ৰাঙ্গণত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠানটো অনুষ্ঠিত হৈছিল।
অসম সাহিত্য সভাৰ সৈতে তিনিচুকীয়া জিলা সাহিত্য সভাই সহযোগিতা আগবঢ়ায়। ৰূপাই শতদল শাখা সাহিত্য সভাৰ আতিথ্যত অনুষ্ঠিত অনুষ্ঠানটো কেন্দ্ৰীয় কুঁহি উপ-সমিতিয়ে ব্যৱস্থাপনা কৰে।
অন্তিম দিনাৰ কাৰ্যসূচী অনুসৰি অনুষ্ঠিত গ্ৰন্থ উন্মোচনী সভাত ৰূপাই শতদল শাখা সাহিত্য সভাৰ উদ্যোগত প্ৰকাশিত ৬২খন গ্ৰন্থ উন্মোচন কৰা হয়।
সভাত অসম সাহিত্য সভাৰ উপ-সভাপতি পদুম ৰাজখোৱা, প্ৰধান সম্পাদক দেৱজিৎ বৰা, কেন্দ্ৰীয় কুঁহি উপ-সমিতিৰ কাৰ্যকৰী সভাপতি মৃণাল কুমাৰ হাজৰিকা আৰু আহ্বায়ক প্ৰশান্ত শইকীয়াকে ধৰি অসম সাহিত্য সভাৰ কেইবাগৰাকীও বিষয়ববীয়া, শিক্ষাবিদ, সাহিত্যিক আৰু সাংবাদিক উপস্থিত থাকি গ্ৰন্থসমূহ উন্মোচন কৰে।
বৃহত্তৰ ৰূপাই চাইডিং অঞ্চলৰ কেইবাগৰাকীও নবীন-প্ৰবীণ লেখক-লেখিকাৰ গ্ৰন্থৰ লগতে যুৱ লেখক পিংকু মৰাণৰ ‘এমুঠি জোনাক’ শীৰ্ষক গ্ৰন্থখনো অনুষ্ঠানত উন্মোচন কৰা হয়।