গুৱাহাটী, ১৬ নৱেম্বৰ: বিজয় মাৰ্চেণ্ট ট্ৰফী এলিটৰ মেচত হিমাচল প্ৰদেশক ৭ উইকেটত পৰাস্ত কৰি অসমে ৬ মূল্যৱান পইণ্ট লাভ কৰিছে। বিজয়ৱাড়াৰ ডিভিআৰ গ্ৰাউণ্ডত অনুষ্ঠিত মেচখনত ১১১ ৰানৰ লক্ষ্য অসমে ৩ উইকেট হেৰুৱাই ২৯.২ অভাৰত অতিক্ৰম কৰে।
টছত জয়ী হৈ প্ৰথমে বেটিং কৰিবলৈ নামি হিমাচল প্ৰদেশে ৩৪.১ অভাৰত ১১২ ৰানতে আটাইকেইটা উইকেট হেৰুৱায়। অসমৰ মাইনা কলিতাই ৩৯ ৰানত ৭টা উইকেট দখল কৰে। কুণাল উপাধ্যায় আৰু ৰেয়ান নান্দেই এটাকৈ উইকেট লাভ কৰে।
প্ৰথম ইনিংছত অসমে ১০২.১ অভাৰত ৩০৫ ৰান কৰি অলআউট হয়। স্বৰ্ণৱ শ্ৰীহিত গুৰু দাসে ১২২টা বলত ৭২ ৰান কৰে। ৰেয়াংশ পাণ্ডেয়ে ৬৯টা বলত ৪৯ ৰান কৰাৰ বিপৰীতে ৰেয়ান নান্দেই ৩৬ আৰু নীলাভ্ৰ নিবিৰ মেধিয়ে ৩৩ ৰানৰ অৱদান আগবঢ়ায়। হিমাচল প্ৰদেশৰ বেদান্ত শৰ্মাই ৭২ ৰানত ৬টা উইকেট দখল কৰে।
দ্বিতীয় ইনিংছত হিমাচল প্ৰদেশে ৯৬.২ অভাৰত ৩০৩ ৰান কৰি অলআউট হয়। সম্ভৱ শৰ্মাই ৫৭, সুৱংশ এছ দ্বিবেদীয়ে ৫৪, আদীশ মিনহাছে ৩৮ আৰু নীৰৱ আইয়ে ৩৭ ৰান কৰে। অসমৰ কুণাল উপাধ্যায়ে ৭৭ ৰানত ৬টা উইকেট দখল কৰাৰ বিপৰীতে দিগ্বিজয় এন চেত্ৰীয়ে ১০১ ৰানত ৩টা উইকেট লাভ কৰে।
১১১ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ নামি স্বৰ্ণৱ শ্ৰীহিত গুৰু দাসে ৮০টা বলত অপৰাজিত ৫০ ৰান কৰে। অধিনায়ক ৰেয়ান নান্দেই ৪৩টা বলত অপৰাজিত ৩৮ ৰান কৰি দলক জয়ৰ লক্ষ্যত উপনীত কৰায়। হিমাচল প্ৰদেশৰ যশ এন চৌধুৰীয়ে অসমৰ তিনিওটা উইকেট দখল কৰে।
অসম ক্ৰিকেট সন্থাই এই জয়ৰ বাবে দলটোক অভিনন্দন জনাই খেলুৱৈ আৰু সহায়ক কৰ্মচাৰীসকলৰ সামূহিক প্ৰচেষ্টাক প্ৰশংসা কৰিছে।