সৰ্বভাৰতীয় পৰ্যায়ত পুনৰ এবাৰ উজলি উঠিল অসমৰ নাম। এইবাৰ ৰাষ্ট্ৰীয় নিৰাপত্তা ৰক্ষী চমুকৈ NSG-ৰ কঠোৰ কমাণ্ডো প্ৰশিক্ষণত অসম তথা নগাঁও জিলাৰ বাবে গৌৰৱ কঢ়িয়াই আনিছে জুৰীয়াৰ দগাঁৱৰ জীয়ৰী ছাবিনা ইয়াছমিনে। দেশৰ বিভিন্ন প্ৰান্তৰ ২৭০ গৰাকী মহিলা আৰক্ষী কৰ্মীৰ মাজত শীৰ্ষস্থান দখল কৰি ছাবিনাই লাভ কৰিছে দুটাকৈ গুৰুত্বপূৰ্ণ সন্মান।ৰাষ্ট্ৰীয় নিৰাপত্তা ৰক্ষী বাহিনী অৰ্থাৎ NSG-ৰ প্ৰথমটো মহিলা কমাণ্ডো 'কনভাৰ্চন কোৰ্চ'-ত বিশেষ পাৰদৰ্শিতা দেখুৱাই অসমলৈ সুনাম কঢ়িয়াই আনিছে নগাঁও জিলাৰ জীয়ৰী ছাবিনা ইয়াছমিনে। সমগ্ৰ ভাৰতবৰ্ষৰ মুঠ ২৭০ গৰাকী নিৰ্বাচিত মহিলা আৰক্ষী কৰ্মীয়ে অংশগ্ৰহণ কৰা এই অত্যন্ত কঠিন আৰু প্ৰত্যাহ্বানমূলক প্ৰশিক্ষণত ছাবিনা ইয়াছমিনে সকলোকে চেৰ পেলাই ‘Best Overall Trainee’ আৰু ‘Best in Physical’— এই দুটাকৈ সন্মানীয় খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয়।নগাঁও জিলাৰ জুৰীয়াৰ দগাঁৱৰ আহম্মেদ আলীৰ জীয়ৰী ছাবিনা ইয়াছমিনৰ এই অভূতপূৰ্ব সফলতাই এতিয়া সমগ্ৰ ৰাজ্যখনতে আনন্দৰ জোৱাৰ আনিছে। দেশৰ অন্যতম অভিজাত নিৰাপত্তা বাহিনী NSG-ৰ কমাণ্ডো প্ৰশিক্ষণত শাৰীৰিক আৰু মানসিকভাৱে অদম্য সাহস তথা দক্ষতাৰ পৰিচয় দি তেওঁ এই বিৰল কৃতিত্বৰ অধিকাৰী হৈছে।তাইৰ এই সফলতাত দগাঁৱৰ লগতে সমগ্ৰ নগাঁও জিলাত আনন্দমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। এগৰাকী অসমীয়া জীয়ৰীয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ কৰ্মদক্ষতাৰে অসম আৰক্ষী তথা অসমবাসীক গৌৰৱান্বিত কৰাত বিভিন্ন দল-সংগঠন আৰু স্থানীয় ৰাইজে ছাবিনা ইয়াছমিনক আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছে।ছাবিনা ইয়াছমিনৰ এই কৃতিত্বই নিঃসন্দেহে অসমৰ নৱপ্ৰজন্মৰ যুৱতীসকলক দেশ সেৱাৰ ক্ষেত্ৰত আগবাঢ়ি আহিবলৈ বিশেষভাৱে অনুপ্ৰাণিত কৰিব!