ডিগবৈ আৰক্ষীয়ে আজি সন্ধিয়া হেলমেট পৰিধান নকৰাকৈ চলোৱা অৰ্ধ শতাধিক মটৰ চাইকেল আটক কৰে। দুৰ্ঘটনা ৰোধ কৰিবলৈ এই পদক্ষেপ গ্ৰহণ কৰে ডিগবৈ আৰক্ষীয়ে। উল্লেখ্য যে চৰকাৰী নিৰ্দেশনা পালন কৰি ডিগবৈত বহু লোকে হেলমেট পৰিধান কৰি বাইক চলাই যদিও বহু লোকে হেলমেট পৰিধান নকৰাকৈ এতিয়াও বাইক চলাই আহিছে। ইপিনে আৰক্ষীয়ে দুৰ্ঘটনা ৰোধ কৰা স্বাৰ্থত এনেদৰে অভিযান অব্যাহত ৰাখিব বুলি ডিগবৈ থানাৰ অচি প্ৰাঞ্জল চেতিয়াই জানিবলৈ দিয়ে। এনে তীব্ৰবেগী গাড়ীৰ বাবে বহুতো দুৰ্ঘটনাও সংঘটিত হোৱাৰ উদাহৰণ সৰ্বজনবিদিত।