কাজিৰঙাৰ ৰঙাজানত সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাত আহত কণমানি শিশুটিৰ পৰিচয় পোহৰলৈ আহিছে। শিশুটিৰ নাম দেৱ গোৱালা। তেওঁৰ পিতৃ ৰাহুল গোৱালা আৰু মাতৃ নিকিতা গোৱালা।

ৰাহুল গোৱালাৰ ঘৰ ডিমাপুৰত। আনহাতে, নিকিতা গোৱালাৰ ঘৰ নগাঁৱৰ মিছাৰ হাতীগাঁৱত। ডিমাপুৰত থকা স্বামীৰ ঘৰৰ পৰা নিকিতাৰ মাতৃগৃহলৈ আহি থকাৰ সময়তে ৰঙাজানত দুৰ্ঘটনাটো সংঘটিত হৈছিল বুলি জানিব পৰা গৈছে।

দুৰ্ঘটনাত গুৰুতৰভাৱে আহত ৰাহুল আৰু নিকিতা বৰ্তমান যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ আই চি ইউত চিকিৎসাধীন হৈ আছে।

নিকিতাৰ পৰিয়ালৰ হাতত এণ্ড্ৰইড মোবাইল নথকাৰ বাবে ঘটনাটোৰ বিষয়ে তেওঁলোকে আগতে গম পোৱা নাছিল। আন লোকৰ মোবাইলত নাতিনিয়েকৰ ফটো দেখি তেওঁলোকে শিশুটিক চিনাক্ত কৰে।

ইয়াৰ পাছতে পৰিয়ালৰ লোকসকল বোকাখাতত উপস্থিত হয়। শিশুটিৰ ককাক-আইতাক গোলাঘাট শিশু সুৰক্ষা বিভাগৰ কাৰ্যালয়ত উপস্থিত হৈ দেৱক কলিয়াবৰত থকা নিজৰ ঘৰলৈ লৈ যায়।